NORTHEAST NOW (Assamese)

চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

September 3, 2025 10:08 am · এন ই নাও নিউজ, গুৱাহাটী

চীনৰ বিজয় দিৱসৰ পেৰেডত ৰাষ্ট্ৰপতি ছি জিনপিঙে কয় যে ‘চীনে কেতিয়াও কাৰো ভাবুকিক ভয় নকৰে’।

জি জিনপিঙে ভাষণৰ আৰম্ভণিতে কয় যে, “সতীৰ্থ আৰু বন্ধুসকল, আমি চীনৰ বিজয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ একত্ৰিত হৈছো।”

তেওঁ চীনৰ জনসাধাৰণক ইতিহাস স্মৰণ কৰিবলৈ আহ্বান জনাই কয় যে জাপানৰ বিৰুদ্ধে যুঁজ দিয়া সেই প্ৰবীণ সৈনিকসকলক শ্ৰদ্ধা জনাব লাগে।

ছি জিনপিঙে কয় যে, “ইতিহাসে আমাক সকীয়াই দিয়ে যে মানৱতা একেলগে উত্থান-পতন হয়। চীনে কেতিয়াও কোনো ভাবুকিক ভয় নকৰে আৰু সদায় আগবাঢ়ি যায়।”

তেওঁ কয় যে এইটো এটা “নতুন যাত্ৰা, নতুন যুগ”।

ছি জিনপিঙে আয়োজন কৰিছে চীনৰ এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক পেৰেড। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত জাপানে চীনৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

পেৰেডৰ পূৰ্বে ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক একেলগে দেখা গৈছিল।

Related News