NORTHEAST NOW (Assamese)

জোনবাইৰ বুকুত সগৌৰৱেৰে দেশৰ পতাকা স্থাপন কৰা বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত চীন

December 5, 2020 10:14 am · এন ই নাও নিউজ
Updated: December 5, 2020 10:28 am
উৎস-চি এল ই পি

চন্দ্ৰৰ বুকুত সগৌৰৱেৰে নিজৰ দেশৰ পতাকা স্থাপন কৰা পৃথিৱীৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হয় চীন।

বৃহস্পতিবাৰে চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসকে চন্দ্ৰৰ বুকুত চীনৰ পতাকা স্থাপন কৰাৰ আলোকচিত্ৰ মুকলি কৰে।

চন্দ্ৰৰ বুকুৰ পৰা গৱেষণাৰ বাবে শিল আৰু বালি সংগ্ৰহ কৰি উভতি অহাৰ সময়ত চীনৰ চেঞ্জ-৫ য়ে কেমেৰাৰে তোলা চন্দ্ৰৰ বুকুত চীনৰ পতাকাৰ আলোকচিত্ৰ মুকলি কৰে দেশখনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসকে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ৫০ বছৰৰো অধিক সময় পাছত চীনে চন্দ্ৰৰ বুকুত নিজ দেশৰ পতাকা স্থাপন কৰিবলৈ সক্ষম হ’ল।

ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছাই সফলতাৰে চন্দ্ৰ অভিযান সামৰণি মাৰি চন্দ্ৰৰ বুকুত আমেৰিকাৰ পতাকা সগৌৰবেৰে উৰুৱাবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে, আমেৰিকা, চীন, ৰাছিয়া, ভাৰত, ফ্ৰান্স, ইজৰাইল আদি দেশে চন্দ্ৰলৈ অভিযান অব্যাহত ৰাখিছে।

আমেৰিকা আৰু চীনে চন্দ্ৰ অভিযানত সফলতা লাভ কৰাৰ বিপৰীতে অন্য দেশ সমূহৰ মহাকাশ বিজ্ঞানী সকলে বৰ্তমানো প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Related News