NORTHEAST NOW (Assamese)

মুছলমানৰ সাংস্কৃতিক ইতিহাস ‘নিৰ্মূল’ কৰিবলৈ চীনে ধ্বংস কৰিছে উইঘুৰসকলৰ সমাধি

October 10, 2019 6:50 pm · এন ই নাও নিউজ
Updated: October 10, 2019 7:07 pm
ফটো উৎস: দ্য টেলিগ্ৰাফ ডট কো ইন

মৃত্যুৰ পাছতো আনকি সকাহ পোৱা নাই বিশ্বৰ আটাইতকৈ নিপীড়িত সংখ্যালঘু চীনৰ উইঘুৰসকলে।

এক নতুন অনুসন্ধানত প্ৰকাশ পোৱা মতে চীনে উক্ত সম্প্ৰদায়ৰ পৰিয়ালৰ কেইবা পীড়িক সমাধিস্থ কৰা সমাধিক্ষেত্ৰসমূহ ধ্বংস কৰিছে।

লণ্ডনৰ দ্য টেলিগ্ৰাফ ডট কো ইন নামৰ নিউজ পৰ্টেলত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ সংবাদ।

বিগত দুটা বছৰত চীনৰ উত্তৰ-পশ্চিমাঞ্চলত থকা স্মৃতিসৌধবোৰ আৰু ডজন সংখ্যক পৰিত্যক্ত হৈ পৰি থকা নৰ কংকালৰ সমাধিক্ষেত্ৰ ধ্বংস কৰা হৈছে।

এ এফ পিৰ গৱেষণা আৰু ছেটেলাইট চিত্ৰ বিশ্লেষক আৰ্থৰাইজ এলায়েন্সে এই কথা সদৰী কৰিছে।

দেশখনৰ বিষয়াসকলে নগৰ উন্নয়ন নীতিৰ বা পুৰণি সমাধিৰ ‘মান উন্নীতকৰণ’ৰ বাখ্যা আগবঢ়ালেও প্ৰবাসী উইঘুৰসকলে কয় যে এই ধ্বংস কাৰ্য ৰাষ্ট্ৰখনৰ সম্প্ৰদায়টোৰ জনগোষ্ঠীয় পৰিচয় নিৰ্মূল কৰাৰ তথা তেওঁলোকৰ জীৱনৰ প্ৰতিটো দিশ নিয়ন্ত্ৰণৰ এক প্ৰচেষ্টাহে।

‘’পৰম্পৰাগতভাৱে বসবাস কৰা চীনাসকলৰ দৰে আমি কোন তাৰ যিকোনো প্ৰমাণ নিৰ্মূল কৰাৰ এয়া চীনৰ এক অভিযানৰ অংশ,’’- নিজৰ আজোককাকৰ সমাধি ধ্বংস কৰাৰ কথা উল্লেখ কৰি এইদৰে কয় চালিহ হুনডায়াৰে।

‘’সেইবাবেই তেওঁলোকে এই সকলোবোৰ ঐতিহাসিক স্থান, এই সমাধিক্ষেত্ৰ ধ্বংস কৰি আমাক আমাৰ ইতিহাস, আমাৰ পিতৃপুৰুষ তথা পূৰ্ব পুৰুষৰ পৰা বিছিন্ন কৰিব বিচাৰিছে,’’-তেওঁ কয়।

Related News