NORTHEAST NOW (Assamese)

প্ৰাক্তন বিষয়াৰ ঘৰ নহয় যেন ৰাজকোষহে! কেজিয়ে কেজিয়ে ওলাল সোণ-ৰূপ

August 22, 2020 2:07 pm · এন ই নাও নিউজ
Updated: August 22, 2020 2:30 pm

এটা ঘৰ। ঘৰটোৰ ভিতৰত যিফালেই খুচৰি চোৱা যায় সেইফালেই ওলায় কেৱল সোণ-ৰূপ আদি মূল্যৱান সামগ্ৰী।

বিচনাৰ তলত, গাৰুৰ গিলিপত চুই চালেই জৰ জৰকৈ সৰি পৰে খমখমীয়া নোট।

এয়া কোনো ৰজাৰ ৰাজকোষ নহয়। এয়া অন্ধ্ৰপ্ৰদেশৰ এগৰাকী প্ৰাক্তন চৰকাৰী বিষয়াৰ ঘৰ।

অন্ধ্ৰপ্ৰদেশৰ হস্ততাঁত আৰু বোৱা কটা সমবায় সমিতিৰ প্ৰাক্তন অধ্যক্ষ গুজ্জালা শ্ৰীনিবাসুলুৰ ঘৰ এয়া। বিভাগটোৰ অধ্যক্ষ পদত থকাৰ সময়তে সোঁৱে-বাৱে ধন চপোৱা প্ৰাক্তন বিষয়া গৰাকী অৱশেষত আইনৰ জালত বন্দী হ’ল।

অন্ধ্ৰপ্ৰদেশৰ চি আই ডিয়ে ৰাজ্যখনৰ কাডাপাটা জিলাৰ খাজিপেট নামৰ ঠাইখনত থকা শ্ৰীনিবাসুলুৰ ঘৰত আচম্বিতে তালাচী চলায়।

তালাচীৰ সময়তে অভিযানকাৰীৰ দলে প্ৰাক্তন বিষয়া গৰাকীৰ ঘৰৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰে ৩ কিলোগ্ৰামৰো অধিক সোণ।

কেৱল সেয়াই নহয়,দলটোৱে প্ৰাক্তন বিষয়া গৰাকীৰ শোৱা কোঠাৰ পৰা উদ্ধাৰ কৰে নগদ এক কোটি টকা।

ঘৰটোৰ আন কেইবা ঠাইতো তালাচী চলাই অভিযানকাৰীৰ দলে উদ্ধাৰ কৰে ২ কিলোগ্ৰাম ৰূপ।

প্ৰাক্তন বিষয়া গৰাকীৰ এটা কোঠাত উদ্ধাৰ হয় প্ৰায় ১০ লাখ টকাৰ পুৰণি নোট।ইয়াৰ উপৰি বিষয়া গৰাকীয়ে বিভিন্ন ঠাইত ক্ৰয় কৰা সম্পত্তিৰ নথি-পত্ৰও দলটোৱে জব্দ কৰে।

অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টী শাসনত থকাৰ সময়তে বিষয়া জনে এই বিপুল পৰিমাণৰ সম্পত্তি আহৰণ কৰিছিল।

Related News