NORTHEAST NOW (Assamese)

CJI Ramana: ‘ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ’, ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ

July 3, 2022 11:43 am · এন ই নাও নিউজ, গুৱাহাটী
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা। ফাইল ফটো।

CJI Ramana said Judiciary answerable to ‘Constitution and Constitution alone’ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই ন্যায়িক ব্যৱস্থাৰ প্ৰতি দেশৰ ৰাজনৈতিক দলসমূহৰ মনোভাৱক তীব্ৰ সমালোচনা কৰিছে। বিদেশ ভ্ৰমণৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি শনিবাৰে তেওঁ কয় যে চৰকাৰে ন্যায়পালিকাই তেওঁলোকৰ সকলো সিদ্ধান্ত মানি চলাটো বিচাৰে আৰু বিৰোধী দলসমূহে অনুভৱ কৰে যে তেওঁলোকৰ বক্তব্যকহে গুৰুত্ব দিয়া উচিত। মুখ্য ন্যায়াধীশৰ মতে, ন্যায়ালয় কেৱল সংবিধানৰ প্ৰতি দায়বদ্ধ, আন কাৰো প্ৰতি নহয়।

মুখ্য ন্যায়াধীশ ৰামানা বৰ্তমান ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণত আছে। শনিবাৰে তেওঁ ছান ফ্ৰান্সিস্কোত ভাৰতীয় প্ৰবাসীসকলৰ এখন সভাত অংশ গ্ৰহণ কৰিছিল। তাত তেওঁ কয়,”চলিত বৰ্ষত আমি স্বাধীনতাৰ ৭৫ তম বৰ্ষ আৰু গণতন্ত্ৰৰ ৭২ বছৰ উদযাপন কৰিছো। কিন্তু দুখৰ বিষয় যে আমি এতিয়াও সাংবিধানিক প্ৰতিষ্ঠান আৰু ইয়াৰ ভূমিকাৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নহয়।”

লগতে পঢ়ক: Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

ৰামানাই তাপিছত স্পষ্টভাৱে কয়, “ক্ষমতাত থকা দলটোৱে অনুভৱ কৰে যে ন্যায়পালিকাই চৰকাৰৰ সকলো সিদ্ধান্ত অনুমোদন কৰা উচিত। বিৰোধীসকলে ভাবে যে তেওঁলোকৰ মতামতৰ সপক্ষে ৰায় দিয়া উচিত। এনে মনোভাৱৰ কাৰণ হৈছে যে তেওঁলোকে এতিয়াও সংবিধানৰ গণতান্ত্ৰিক কাৰ্যকলাপৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নহয়। “

ন্যায়াধীশ ৰামানাৰ মতে, সংবিধান আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ বিষয়ে সাধাৰণ মানুহৰ অজ্ঞতা আছে। তেওঁলোকে এনে মনোভাৱেৰে চলে যিয়ে একমাত্ৰ স্বতন্ত্ৰ প্ৰতিষ্ঠান ন্যায়পালিকাক ধ্বংস কৰিবলৈ উদ্যত।

লগতে পঢ়ক: Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

তাৰ পিছত তেওঁ কয়, “মই স্পষ্ট কৰি দিব বিচাৰো যে ন্যায়ালয় কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ।‘’ ভাৰতত সাংবিধানিক সংস্কৃতিৰ প্ৰচাৰৰ প্ৰয়োজন আছে বুলিও কয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই।

ঘটনাক্ৰমে, ন্যায়পালিকা আৰু চৰকাৰ তথ্য ৰাজনৈতিক দলবোৰৰ মাজৰ মতপাৰ্থক্য কোনো নতুন নহয়। অৱশ্যে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ অধীনত বহুক্ষেত্ৰত অন্যান্য দৃষ্টান্তহে দেখা গৈছে বুলি বহুতেই অনুভৱ কৰে। বহু ক্ষেত্ৰত, ন্যায়পালিকাই চৰকাৰৰ সিদ্ধান্তত মোহৰ মাৰিছে। ৰাফেল বিমান ক্ৰয়, কৃষি আইন, পেগাচাছ গোচৰে বিৰোধী দলসমূহক হতাশ কৰি তুলিছে।

লগতে পঢ়ক: Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

এনে পৰিস্থিতিত মুখ্য ন্যায়াধীশৰ মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। বিশেষকৈ বিদেশৰ মাটিত তেওঁ দেশৰ ৰাজনৈতিক দলসমূহক যিধৰণে সমালোচনা কৰিছিল সেয়া বিৰল।

Related News