NORTHEAST NOW (Assamese)

CJI Ramana to Rulers গণতন্ত্ৰত শাসকসকলে প্ৰতিদিনেই আত্মসমালোচনা কৰা উচিত: দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না

November 23, 2021 10:29 am · এন ই নাও নিউজ, গুৱাহাটী
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না। ফাইল ফটো।

CJI Ramana to Rulers গণতান্ত্ৰিক ব্যৱস্থাত শাসকসকলে প্ৰতিদিনেই আত্মসমালোচনা কৰা উচিত। তেওঁলোকে যিবোৰ সিদ্ধান্ত লৈছে সেইবোৰ ভাল হয়নে সেয়া বিবেচনা কৰি চোৱাৰ প্ৰয়োজন। তদুপৰি, তেওঁলোকৰ কিবা বেয়া স্বভাৱ আছে নেকি সেই বিষয়েও চিন্তা-চৰ্চা কৰা উচিত।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই সোমবাৰে এইদৰে কয়।

অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰাম জিলাৰ এখন শিক্ষা প্ৰতিষ্ঠানৰ সমাৱৰ্তন অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ৰামায়ন আৰু মহাভাৰতৰ উদ্ধৃতি দাঙি ধৰি কয় যে শাসকসকলৰ ১৮টা বেয়া স্বভাৱ থাকে আৰু তেওঁলোকে সেইবোৰ পৰিহাৰ কৰি চলা উচিত।

Also Read: ত্ৰিপুৰা ৰাজনৈতিক অস্থিৰতা: আদালত অৱমাননাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল তৃণমূল কংগ্ৰেছ

তেওঁ কয়,’’নিজৰ প্ৰতিদিনৰ কাম আৰম্ভ কৰাৰ পূৰ্বে গণতান্ত্ৰিক ব্যৱস্থাৰ যিকোনো শাসকৰে তেওঁৰ কিবা বেয়া স্বভাৱ আছে নেকি আত্মসমালোচনা কৰি চোৱা উচিত। প্ৰশাসনিক পৰিসেৱাসমূহ মানুহৰ প্ৰয়োজন অনুসৰি হোৱা উচিত। ইয়াত বহু বিজ্ঞ লোক আছে। আপোনালোকে দেখিছে বিশ্বজুৰি তথা দেশজুৰি কি কি বিষয় চলিছে।‘’

দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যিকোনো গণতন্ত্ৰত মানুহেই হৈছে মূল। শাসক দলে যি সিদ্ধান্তই নলওক কিয় তাত মানুহ উপকৃত হ’ব লাগিব।

Also Read: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ কৌশল প্ৰয়োগ নকৰাকৈ ৰাজধর্ম পালন কৰক: কংগ্ৰেছ

মানুহৰ স্বাৰ্থত কাম কৰিবলৈ দেশৰ সকলো ব্যৱস্থা স্বাধীন হোৱা উচিত বুলিও তেওঁ উল্লেখ কৰে।

মুখ্য ন্যায়াধীশ গৰাকীয়ে লগতে আক্ষেপ প্ৰকাশ কৰি কয় যে আধুনিক শিক্ষা ব্যৱস্থাই কেবল মাত্ৰ উপযোগিতামূলক কামৰ প্ৰতিহে দৃষ্টি ৰাখে। ই নৈতিক তথা আধ্যাত্মিক বিষয়ৰ সৈতে সামঞ্জস্য ৰখাৰ দিশত উপযুক্ত নহয় যিয়ে দৰাচলতে শিক্ষাৰ্থীসকলৰ চৰিত্ৰ গঠনত সহায় কৰে আৰু সামাজিক দায়বদ্ধতা আৰু সচেতনতা গঢ়ি তোলে।

Also Read: Water Crisis Impact তীব্ৰ জল সংকটৰ আশংকা! এটি বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ বাক্সাৰ বৃহত্তৰ আঙৰকাটাবাসীৰ

দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ মতে প্ৰকৃত শিক্ষাই শিক্ষাৰ্থীসকলৰ মাজত বিনয়ী, শৃংখলা, স্বাৰ্থহীনতা, সহানুভুতি, সহনশীলতা, ক্ষমা তথা পাৰস্পৰিক শ্ৰদ্ধাৰ ভেটি তৈয়াৰ কৰে।  

Related News