NORTHEAST NOW (Assamese)

গৌৰীপুৰ থানাৰ অ’চিকে ধৰি দুই আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ

September 24, 2020 8:20 am · মুকেশ কুমাৰ সিং
দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰা আৰক্ষী বিষয়া দুগৰাকী। ফটো: নৰ্থইষ্ট নাও

মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বুধবাৰে সন্ধিয়া ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ দুগৰাকী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়া দুগৰাকী হৈছে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু সেই থানাৰে সহকাৰী উপ-পৰিদৰ্শক আবুল কালাম আজাদ।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, কিছু সংখ্যক ব্যক্তিয়ে মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত দিয়া অভিযোগৰ ভিত্তিত আৰক্ষী বিষয়া দুগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

গুৱাহাটীৰ পৰা যোৱা মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে এক অভিযান চলাই এগৰাকী অভিযোগকাৰীৰ পৰা ১,০০,০০০টকা উৎকোচ লোৱাৰ সময়তে আৰক্ষী বিষয়া দুগৰাকীক হাতে-লোটে ধৰা পেলায়।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে অভিযুক্ত আৰক্ষী বিষয়া দুগৰাকীৰ জিম্মাৰ পৰা টকাখিনি জব্দ কৰে।

‘’ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে,’’-আৰক্ষী সূত্ৰই কয়।

এই ঘটনাৰ সৱিশেষ ক্ৰমে পোহৰলৈ আহিব বুলি আশা কৰা হৈছে আৰু এই সন্দৰ্ভত বহু নতুন দিশ উন্মোচন হোৱাৰ সম্ভাৱনা আছে।

Related News