NORTHEAST NOW (Assamese)

সাংবাদিক দানিছৰ পিছত আফগানিস্তানত এইবাৰ তালিবানে হত্যা কৰিলে কৌতুক শিল্পীক

July 29, 2021 11:42 am · এন ই নাও নিউজ

যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ পাক-আফগান সীমান্তত তালিবান সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰা নৈৰাজ্যৰ ছবি কেমেৰাত বন্দী কৰিবলৈ যোৱাৰ সময়তে কিছুদিন পূৰ্বে মৃত্যুক সাৱটি লৈছিল ভাৰতীয় ফটো সাংবাদিকগৰাকী দানিছ ছিদ্দিকীয়ে।

সাংবাদিক দানিছৰ পিছত এইবাৰ আফগানিস্তানত তালিবানে হত্যা কৰিলে এগৰাকী জনপ্ৰিয় কৌতুক শিল্পীক।

শেহতীয়াকৈ কান্দাহাৰৰ নিজৰ ঘৰৰ পৰাই তালিবান সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিছিল কৌতুক শিল্পী তথা আফগান আৰক্ষীৰ প্ৰাক্তন কৰ্মচাৰী নজৰ মহম্মদক।ঘৰৰ পৰা কিছুদূৰলৈ নিয়াৰ পিছতে এজোপা গছত বান্ধি তালিবান সন্ত্ৰাসবাদীয়ে নজৰ মহম্মদক ডিঙি কাটি হত্যা কৰে।

এই হত্যাৰ আঁৰত তালিবান জৰিত বুলি পৰিয়ালৰ লোকে দাবী কৰিছে যদিও তালিবানে শিল্পীগৰাকীক হত্যা কৰাৰ কথা অস্বীকাৰ কৰিছে।

উল্লেখ্য মাৰ্কিন সেনাই আফগানিস্তান এৰি যোৱাৰ পিছৰে পৰা আফগানিস্তানত তালিবান সন্ত্ৰাসবাদী পুনৰ সক্ৰিয় হৈ উঠিছে।

কান্দাহাৰৰ লগতে আফগানিস্তানৰ বিভিন্ন প্ৰান্তত তালিবান সন্ত্ৰাসবাদীয়ে কিশোৰসকলক বলপূৰ্বক সংগঠনত ভৰ্তি কৰোৱাইছে।

বহু ঠাইত চৰকাৰী কাৰ্যালয় ধ্বংস কৰিছে। তালিইবানৰ ভয়তে কান্দাহাৰৰ পৰা বহু লোকে কাবুললৈ পলায়ন কৰিছে।

তালিবান সন্ত্ৰাসবাদীৰ এনে উত্থানত এতিয়া দিশহাৰা হৈ পৰিছে আফগানিস্তানৰ চৰকাৰ।

প্ৰতিদিনেই তালিবানে আফগানিস্তানৰ নতুন নতুন অঞ্চল নিজৰ দখললৈ নি আছে।

Related News