NORTHEAST NOW (Assamese)

হাফলঙত কোভিড-১৯ক লৈ প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ, স্বাস্থ্য মন্ত্ৰীলৈ মেইল!

July 20, 2020 11:08 am · পংকজ কুমাৰ দেব
ডিমা হাছাও প্রশাসনৰ বিৰুদ্ধে কোভিড-১৯ক লৈ অভিযোগ কৰ্কট আক্ৰান্ত ৰোগী অঞ্জন কুমাৰ দাসৰ। ফটো: নৰ্থইষ্ট নাও

ডিমা হাছাও জিলাত পাৰ্বত্য প্ৰশাসন কৰ্তৃপক্ষৰ নিৰ্লিপ্ততাৰ কাৰণে হোম কোৱাৰেন্টাইন বা ইনষ্টিটিউশ্যনল কোৱাৰেন্টাইনত থকা আৱাসীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বহুতে মানসিক ভাবে ভাঙি পৰাৰ উপৰি ১৪ দিনৰ ঠাইত এমাহ ঘৰত বন্দী জীৱন কটাবলগীয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী ডা: হিমন্তবিশ্ব শৰ্মাই ৯জুনত হাফলঙত উপস্থিত হৈ জানিব দিছিল যে এতিয়া তিনি-চাৰি দিনৰ ভিতৰতে স্বাৱ ৰিপ’ৰ্ট আহি পাব। কিন্তু বাস্তৱত বিপৰীত ছবিহে ধৰা পৰিছে।

অকল এয়াই নহয়, চৰকাৰীভাবে প্ৰাপ্য ধন আদায় বা খাদ্য সামগ্ৰীও যোগান ধৰা হোৱা নাই। স্বাস্থ্য বিভাগৰ উপৰি জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে যোগাযোগ কৰিলেও কোনেও গুৰুত্ব নিদিয়ে।

এনে পৰিস্থিতিত সাধাৰণ ৰাইজ বিপাঙত পৰিছে।

হাফলং ৰেলৱে কল’নীৰ নিৰ্মল দাস নামৰ এগৰাকী ব্যক্তি হাফলঙৰ এখন দোকানত কাম কৰি পৰিয়াল পোহপাল দি আছিল। কিন্তু শিলচৰৰ পৰা অহাৰ পাছত তেওঁ আৰু তেওঁৰ পত্নীক হোম ক’ৱাৰেন্টাইন কৰা হয়।

কিন্তু কোৱাৰেন্টাইনত থকা অৱস্থাত চৰকাৰীভাবে কোনেও খা-খৱৰ লোৱা নাই। পোৱা নাই কোনো চৰকাৰী সাহায্য। কোৱাৰেন্টাইনৰ কাৰণেই হেৰুৱাব লগা হৈছে দোকানৰ চাকৰি।

হাফলং লেডিছ পাৰ্কৰ এগৰাকী চৰকাৰী বিষয়া কৰ্কট ৰোগত আক্ৰান্ত। অঞ্জন কুমাৰ দাস নামৰ ব্যক্তি গৰাকী কলকাতাৰ পৰা চাৰ্জাৰী কৰি যোৱা ১৮ জুন তাৰিখে হাফলঙত উপস্থিত হয়। লগে লগে তেওঁ আৰু তেওঁৰ পত্নীক হোম কোৱাৰেন্টাইন কৰা হয়। ২০ জুনত তেওঁলোকৰ স্বাৱ লৈ যোৱা হয়। ৩ জুলাইত ৰিপ’ৰ্ট আহে নিগেটিভ বুলি।

কিন্তু ডিছচাৰ্জ নকৰি দ্বিতীয়বাৰৰ কাৰণে ৭ জুলাইত আকৌ স্বাৱ লৈ যোৱা হয়। ১৮ জুলাইত বাতৰি কাকতত এক প্ৰতিবেদন ওলোৱাৰ পাছত আবেলি স্বাস্থ্য বিভাগৰ ফালৰ পৰা নিগেটিভ ৰিপ’ৰ্ট অহা বুলি জনাই ডিছচাৰ্জ চাৰ্টিফিকেট দিয়া হয়।

ইপিনে,অঞ্জন কুমাৰ দাসৰ দৰে গুৰুতৰ অৱস্থাৰ ৰোগীৰ স্বাস্থ্যৰ কোনো খৱৰ লোৱাৰ সময় পোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই।

অঞ্জন কুমাৰ দাসে স্থানীয়ভাৱে সঁহাৰি নাপাই স্বাস্থ্যমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ কৰে।

মন্ত্ৰী শৰ্মাই তেওঁৰ চিকিৎসাৰ বাবে পঞ্চাছ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বিপৰীতে ডিমা হাছাও জিলাত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় নথকা পৰিলক্ষিত হৈছে।

অঞ্জন কুমাৰ দাসে স্বাস্থ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি ডিমা হাছাও প্ৰশাসনৰ ব্যৰ্থতাৰ বিষয়ে দাঙি ধৰি কোভিডৰ নামত দুৰ্নীতিৰ অভিযোগ আনিছে।

অবশ্যে, কাকতত তেনে বাতৰি প্ৰকাশ পোৱাৰ পাছত পৰোক্ষভাৱে  তেওঁক ভয় ভাবুকি দিয়া হৈছে বুলি অভিযোগ কৰিছে।  যাৰ বাবে তেওঁ আতংকৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে।

দাসে আগন্তুক দিনত তেওঁৰ ওপৰত কোনো ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হ’লে চৰকাৰেই দায়ী হ’ব বুলিও ব্যক্ত কৰিছে।

Related News