NORTHEAST NOW (Assamese)

‘‘ঠিক আছে যোৱা। আৰাম কৰা। দুবছৰ বহুত যুদ্ধ কৰিলা তুমি। ভাগৰো লাগিছে চাগে!’’

April 30, 2020 9:20 am · এন ই নাও নিউজ
Updated: April 30, 2020 9:22 am

বলিউদৰ প্ৰখ্যাত অভিনেতা ইৰফান খানৰ ২৯ এপ্ৰিলত ৫৩ বছৰত বিয়োগ ঘটাত শোকত মৃয়মান হৈ পৰিছে বলিউদ সমাজৰ লগতে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীসকল।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অনুভৱ সিনহাই অভিনেতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

‘‘এতিয়া তোমাৰ সময় আহিছিল….মোৰ ভাতৃ! এতিয়া তুমি কিমান কাম কৰিলা হেতেন যিবোৰ ইতিহাসৰ পাতত লিপিবদ্ধ হ’লহেতেন!,’’ অনুভৱ সিনহাই লিখে।

‘‘ঠিক আছে যোৱা। আৰাম কৰা। দুবছৰ বহুত যুদ্ধ কৰিলা তুমি। ভাগৰো লাগিছে চাগে,’’ অনুভৱ সিনহাই ভাবুক হৈ লিখে।

ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰেও অভিনেতা ইৰফান খানৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

‘‘ইৰফান বিয়োগৰ খবৰ দুখদায়ক। তেওঁ মোৰ প্ৰিয় আছিল,’’ শচীনে লিখে।

আনহাতে, শচীন টেণ্ডুলকাৰে ইৰফান খানৰ প্ৰায় সকলবোৰ চলচ্চিত্ৰ উপভোগ কৰিছে বুলি উল্লেখ কৰি খানৰ অন্তিমখন চলচ্চিত্ৰ ইংৰাজী মিডিয়ামখনো চোৱা বুলি কয়।

অস্কাৰৰ তৰফৰ পৰাও অভিনেতা ইৰফান খানৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি খানক এগৰাকী মহান অভিনেতা আখ্যা দিয়ে।

Related News