NORTHEAST NOW (Assamese)

নিখিল বড়ো ছাত্ৰৰ গান্ধীবাৰী শাখা সমিতিৰ অধিৱেশন সম্পন্ন

November 29, 2021 3:26 pm · দীপক কুমাৰ পাঠক, বাক্সা

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ গান্ধীবাৰী শাখা সমিতিৰ অধিৱেশন ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ সফল সামৰণি পৰে দেওবাৰে।

পতাকা উত্তোলন, শ্বহীদ তৰ্পনেৰে আৰম্ভ হোৱা দুদিনীয়া অধিৱেশনৰ দ্বিতীয় দিন অৰ্থাৎ ৰাবিবাৰে দিনৰ ১২-০০ বজাত ভৃগু বড়োৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।

সভাত ৰাজ্যৰ বিশেষকৈ বিটিআৰৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। শিক্ষা কৃষ্টি সংস্কৃতিৰ ওপৰত উপস্থিত বক্তা সকলে ভাষণ আগবঢ়ায়।

মুকলি সভাত মুখ্য অতিথি হিচাপে এবছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰোমদুম বড়োই অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰি বড়ো চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেতা মেন্দেলা বড়োৰ লগতে এবছুৰ বিভিন্ন নেতা- কৰ্মী আৰু বুদ্ধিজীৱীসকল সভাত উপস্থিত থাকে।

Related News