NORTHEAST NOW (Assamese)
অসম

ইভিএমৰ ভোট গণনাৰ পূৰ্বেই প’ষ্টেল ভোট গণনাৰ আহ্বান জনাই নিৰ্বাচন আয়োগলৈ ৰিপুণ বৰাৰ পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 4:34 pm
APCC Prez Ripun Bora's reply over Himanta Biswa Sarma's comment

তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৬ এপ্ৰিলত অন্ত পৰিছে।

অহা ২ মে’ত অসমত কৰা হ’ব ভোট গণনা।

এনে সময়তে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ই ভি এমৰ ভোট গণনাৰ পূৰ্বেই প’ষ্টেল ভোট গণনাৰ আহ্বান জনাই নিৰ্বাচন আয়োগলৈ এখন  পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰ খনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এইবুলি কৈছে যে বিগত বিহাৰ বিধানসভাৰ নিৰ্বাতচনৰ সময়ত ইভিএমৰ ভোট গণনাৰ পিছতহে শেষ নিশা পোষ্টেল বেলট গণনা কৰা হৈছিল।

ফলত বহু বিসংগতি ঘটা বুলি ছ’চিয়েল মিডিয়াতে ব্যাপক চৰ্চা হৈছিল। তেনে পৰিস্থিতিত বহু প্ৰাৰ্থীয়ে অতি কম ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

সেই সময়ত নিৰ্বাচন আয়োগলৈ সেয়ে সন্দেহৰ তৰ্জনী টোৱাইছি বুলি পত্ৰ খনত কোৱা হৈছে।

অসমৰ ক্ষেত্ৰত যাতে ভোট গণনা স্বচ্ছ আৰু নিকা ভাবে সম্পন্ত হয় তাৰ বাবেই ই ভি এমৰ ভোট গণনাৰ পূৰ্বেই প’ষ্টেল ভোট গণনাৰ আহ্বান জনায় ৰিপুণ বৰাই।

উল্লেখ্য এইবেলি ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক, কোভিচ আক্ৰান্ত ব্যক্তি, সাংবাদিক আদিয়ে এক নিৰ্দ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে পোষ্টেল বেলট যোগে ভোটদানৰ সুবিধা লাভ কৰিছিল।