NORTHEAST NOW (Assamese)

বিজেপি চৰকাৰৰ সামগ্রিক ব্যর্থতাৰ প্ৰতিবাদত বোকাখাতত কংগ্ৰেছৰ প্ৰতিবাদ

November 30, 2019 3:55 pm · উত্তম শইকীয়া

দেশৰ ভয়াবহ অর্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্য বৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্রিক ব্যর্থতাৰ প্ৰতিবাদত আজি বোকাখাতত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু বোকাখাত নগৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত বোকাখাত নগৰৰ পৌৰসভা কাৰ্যালয়ৰ সমীপত আয়োজিত এই ধৰ্ণা কাৰ্যসুচীত বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নিৰ্দেশত আজি ৰাজ্যৰ সমূহ পৌৰসভা আৰু নগৰ পালিকাৰ কাৰ্যালয়ৰ সমীপত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ধৰ্ণা কাৰ্যসূচীত মণ্ডল কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, মহিলা কংগ্ৰেছৰ মিনতি দলে, জিলা কংগ্ৰেছৰ বকুল হাজৰিকাকে বিভিন্ন দলীয় নেতা, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

Related News