NORTHEAST NOW (Assamese)

চীনক ‘ক্লিন চিট’ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কংগ্ৰেছৰ

March 18, 2025 12:31 pm · এন ই নাও নউজ, গুৱাহাটী

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ভাৰত-চীন সম্পৰ্কৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকশ কৰিছে। মোদীয়ে ভাৰত-চীনৰ পাৰস্পৰিক শিক্ষণ আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ ভৱিষ্যতক লৈ আশাবাদীতা প্ৰকাশ কৰিছিল।

মোদীৰ মন্তব্যৰ উত্তৰত ৰমেশে প্ৰধানমন্ত্ৰীয়ে চীনক ক্লিন চিট দিয়াৰ অভিযোগ উত্থাপন কৰি ২০২০ চনৰ এক বিবৃতিৰ উদ্ধৃতি দি মোদীয়ে দাবী কৰিছিল যে কোনো চীনা সৈন্যই ভাৰতৰ সীমা অতিক্ৰম কৰা নাই বা কোনো ভাৰতীয় চকী দখল কৰা নাই।

২০২০ চনৰ এই মন্তব্যৰ ভিডিঅ’ ক্লিপ বজাই ৰমেশে যুক্তি আগবঢ়ায় যে মোডীৰ বক্তব্যই ভাৰতৰ স্থিতি দুৰ্বল কৰি তুলিছে, যাৰ ফলত চীনে আত্মবিশ্বাসেৰে ইতিবাচক প্ৰত্যুত্তৰ দিব পাৰে।

মুখপাত্ৰ মাও নিঙে প্ৰতিনিধিত্ব কৰা চীনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰত চীনৰ সম্পৰ্কৰ প্ৰতি মোদীৰ আশাবাদী দৃষ্টিভংগীক স্বীকাৰ কৰি ভাৰত–চীনৰ সম্পৰ্কক “ড্ৰেগন-হাতী নৃত্য” বুলি উল্লেখ কৰে।

তেওঁলোকৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে দ্বিপাক্ষিক সংযোগ শক্তিশালী কৰাৰ সুযোগ হিচাপে ভাৰতৰ সৈতে তেওঁলোকৰ কূটনৈতিক সম্পৰ্ক আগুৱাই নিবলৈ আৰু গভীৰ সহযোগিতাৰ প্ৰসাৰৰ বাবে চীনে কাম কৰাৰ ইচ্ছা প্ৰকশ কৰে

ৰমেশে এই বিষয়ত সংসদীয় বিতৰ্কৰো দাবী জনাই প্ৰধানমন্ত্ৰীক লোকসভা আৰু ৰাজ্যসভা উভয়তে বিষয়টো সম্বোধন কৰি চীন বিষয়ত ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়। এই চলি থকা বিতৰ্কই ভাৰতৰ বৈদেশিক নীতিত বিশেষকৈ চীনৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত ক্ৰমবৰ্ধমান উত্তেজনা বৃদ্ধি কৰিছে।

Related News