NORTHEAST NOW (Assamese)

কনিষ্টবল নিযুক্তিৰ আৰম্ভনিতে কেৰোণ! বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল আৰক্ষীৰ মুখ্য কাৰ্যালয়

January 21, 2022 8:53 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কনিষ্টবল নিযুক্তিৰ আৰম্ভনিতে কেৰোণ! বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল আৰক্ষীৰ মুখ্য কাৰ্যালয়

উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

কনিষ্টবল নিযুক্তি ক্ষেত্ৰত বঞ্চিত প্ৰাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ কৰা প্ৰাৰ্থীসকলে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিজ্ঞাপনত উল্লেখ থকা মতে ১টা পদৰ বিপৰীতে ৫ জন প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহিবলৈ মতাৰ কথা আছিল; কিন্তু এতিয়া ১ টা পদৰ বিপৰীতে ২ জন প্ৰাৰ্থীক মতাৰ অভিযোগ উঠিছে।

দুজনকৈ মতাৰ বাবে বৰ্তমান কাট অফ মাৰ্ক বেছি হৈছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে।

সেয়ে বহু প্ৰাৰ্থী বঞ্চিত হোৱাৰ অভিযোগ।

প্ৰতিবাদকাৰীসকলে কৰ্তৃপক্ষক ২৪ ঘন্টাৰ ভিতৰত বিষয়টো সন্দৰ্ভত উত্তৰ বিচাৰিছে।

পৰিস্থিতি উত্তপ্ত হোৱাত প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি লৈ যায়।

Related News