NORTHEAST NOW (Assamese)

মহিলাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য: পংকজ পাঠকক দলৰ পৰা অব্যাহতি অসম গণ পৰিষদৰ

July 19, 2022 7:42 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

মহিলাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা পংকজ পাঠকক দলীয় শৃংখলা ভংগ আৰু অসামাজিক বক্তব্যৰ বাবে তাৎক্ষণিকভাৱে অসম গণ পৰিষদ দলৰ পৰা অব্যাহতি দিয়া হৈছে।

সামাজিক মাধ্যমত ৰিলছ বনোৱা মহিলাক উদ্দেশ্যি পংকজ পাঠকে তেওঁলোকৰ স্বামীসকলক বান্দৰ কেকোৱা নামৰ তেওঁ প্ৰস্তুত কৰা বনৌষধ ক্ৰয় কৰি খুৱাবলৈ পৰামৰ্শ দিছিল।

কিন্তু ৰিলছ বনোৱা মহিলাক এই বিশেষ টিপছ দি বিপদত পৰিছিল পংকজ পাঠক। অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেওবাৰে পংকজ পাঠকৰ এই মন্তব্যৰ প্ৰতিবাদত বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল৷

নিজৰ ব্যৱসায়িক স্বাৰ্থত মহিলা সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ প্ৰতিবাদত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে প্ৰতিনিধি দলটোৱে।

ইয়াৰোপৰি দিছপুৰ, যোৰহাট, বঙাইগাঁওকে ধৰি বিভিন্ন থানাত পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল জাতীয় নাৰী বাহিনীয়ে।

ৰাজ্যিক মহিলা আয়োগেও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে পাঠকৰ বিৰুদ্ধে।

কিন্তু সামাজিক মাধ্যমত পংকজ পাঠকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ পিছতো পূৰ্বৰ তুলনাত বান্দৰ কেকুৱাৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে বুলি দাবী কৰিছিল পাঠকে।

Related News