NORTHEAST NOW (Assamese)

অখিলক ‘মাওবাদী’ সজোৱা হিমন্তক উভতি ধৰিলে ৰাইজৰ দলে

January 8, 2021 5:20 pm · কল্পজ্যোতি শইকীয়া
Updated: January 8, 2021 5:23 pm
সন্ত্ৰাসবাদী বা মাওবাদীক অসমত নিমন্ত্ৰণ কৰাৰ বাবে অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পাছতে তেওঁক উভতি ধৰিছে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ৰুবুল দাসে।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ‘ভূতৰ মুখত ৰাম নাম লেখীয়া’ বুলি দাবী কৰি ৰুবুল দাসে আমাৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত কয় ’৯০ দশকত স্বয়ং হিমন্ত বিশ্ব শৰ্মা আলফাৰ লগত জৰিত হৈ পৰিছিল ।‘

‘সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত থকা মানুহ এজনে  অখিল গগৈৰ দৰে কৃষক নেতা এজনক সন্ত্ৰাসবাদীৰে তুলনা কৰাটো অতিকৈ গৰিহণাযোগ্য। ৰাইজৰ দলৰ বৰ্ধিত শক্তিৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল যথেষ্ট শংকিত হৈছে।‘ ৰুবুল দাসে এইদৰে কয়।

‘যদিহে অখিল গগৈ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত আছিল তেন্তে NIA ই এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিয় সেয়া প্ৰমাণ কৰিব নোৱাৰিলে?’ বুলি প্ৰশ্ন কৰি দাসে লগতে কয় ‘SI পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা এইখন চৰকাৰে  অখিল গগৈক অস্ত্ৰ-শস্ত্ৰৰে জৰিত কৰি মনে সজা গোচৰ জাপি কিমান দিনলৈকে জেইলত ৰাখিব? জেইলৰ ভিতৰৰ পৰা  অতি শীঘ্ৰে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব‘ —এইদৰে আশা ব্যক্ত কৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক জনে।

Related News