NORTHEAST NOW (Assamese)

ভাৰতত কৰ’নাৰ কৰা’ল গ্ৰাস; আক্ৰান্তৰ সংখ্যা ৮৩৪ জনলৈ বৃদ্ধি, ১৯জন লোকৰ মৃত্যু

March 28, 2020 8:27 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা নভেল কৰ’না ভাইৰাছৰ কৰা’ ল গ্ৰাসত লাহে লাহে যেন ভাৰতো সোমাই পৰিছে।

ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাই হাজাৰ স্পৰ্শ কৰিবৰ উপক্ৰম হৈছে।

শুকুৰবাৰে নিশা পৰ্যন্ত শেহতীয়া খৱৰ অনুসৰি ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৮৭জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ১৯জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

অৱশ্যে, স্বাস্থ্য মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতত কৰ’নাত মৃত্যুৰ সংখ্যা ১৯জন বুলিয়েই কোৱা হৈছে।

আনহাতে, আক্ৰান্তৰ সংখ্যা ৮৩৪জন বুলি কোৱা হৈছে। ইয়াৰ ভিতৰত ৬৭৭জন ভাৰতীয় আৰু ৪৭জন বিদেশী নাগৰিক।

ভাৰতত এতিয়ালৈকে আটাইতকৈ বেছি মহাৰাষ্ট্ৰত ৪জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৫৬জন।

ইয়াৰ পাছতেই কৰ্ণাটকত ৩জনৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ৬৪জন।

ইপিনে, কেৰালাত সৰ্বাধিক ১৭৬জন আক্ৰান্ত হৈছে যদিও এতিয়ালৈকে তাত কোন লোকৰ মৃত্যু হোৱা নাই।

গুজৰাটতো ৩জন লোকৰ মৃত্যু হৈছে আৰু মধ্য প্ৰদেশত ২জন লোকৰ মৃত্যু হৈছে।

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ১৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে।

অসমত এতিয়ালৈকে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা কোনো ৰোগীৰ খৱৰ পোৱা হোৱা নাই।

Related News