NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ১৫৫ জনলৈ বৃদ্ধি ক’ভিড-১৯ আক্ৰান্ত, পুনৰ বি এছ এফত চিনাক্ত ১

May 12, 2020 10:26 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

এজন বি এছ এফ বিষয়া মঙলবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৫৫লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্ত হোৱা ক’ভিড-১৯ পজিটিভ ব্যক্তিজনো ঢালাই জিলাৰ আম্বাছাস্থিত বি এছ এফৰ ১৩৮নং বেটেলিয়নৰ।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰযোগে এই কথা সদৰী কৰিছে।

সোমবাৰেও জিলাখনত দুগৰাকী বি এছ এফ বিষয়াক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।

দেওবাৰে বি এছ এফ বেটেলিয়নৰ এগৰাকী বিষয়া, ছগৰাকী মহিলা আৰু নটা শিশু ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

তাৰ পূৰ্বেও যোৱা সম্পূৰ্ণ সপ্তাহজুৰি ধাৰাবাহিকভাৱে বি এছ এফ বেটেলিয়নকেইটাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈ আহিছিল।

মুখ্য মন্ত্ৰী দেবে সদৰী কৰা মতে ত্ৰিপুৰাস্থিত বি এছ এফৰ ৩নং বেটেলিয়নটো ৭৫গৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছিল কিন্তু তেওঁলোক সকলো ক’ভিড-১৯ নিগেটিভ।

ঢালাই জিলাক ইতিমধ্যে ৰেড জ’নৰূপে ঘোষণা কৰা হৈছে।

তাৰোপৰি বি এছ এফৰ ১৩৮নং বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়কে ধৰি গাণ্ডাচেৰা গাঁৱৰ এটা শিৱিৰ আৰু কৰীনা সীমা চকীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

ৰাজ্যখনত দুগৰাকী ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু দুগৰাকীক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

Related News