NORTHEAST NOW (Assamese)

গোলাঘাটৰ ক’ভিড কেয়াৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি; অতিষ্ঠ হৈ কেন্দ্ৰৰ বাহিৰলৈ ওলাই আহিল ৰোগী

July 6, 2021 3:02 pm · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

গোলাঘাটৰ ৰঙাজান ডন বস্কো হাইস্কুল ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ওলাই আহিবলৈ বাধ্য হল ৰোগী। ডনবস্কো হাইস্কুল ক’ভিড কেয়াৰ কেন্দ্ৰত বৰ্তমান থকা প্ৰায় ৭০ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে।

আক্ৰান্ত সকলৰ অভিযোগ যে, এই  কেন্দ্ৰত থকা লোকে নাপায় নিয়মীয়া আহাৰ আৰু পৰ্যাপ্ত খোৱা পানী । লগতে  শিশু আৰু মহিলা থকা কেন্দ্ৰটোত নাথাকে স্বাস্থ্য কর্মী আৰু নিৰাপত্তাৰ দায়িত্বত থকা  আৰক্ষীৰ লোক।

আনকি এই কেন্দ্ৰটোত পৰিষ্কাৰ-পৰিচছন্নতাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰোগী সকলৰ।

মৰঙি ৰাজহ চক্ৰ অন্তৰ্গত ৰঙাজানস্থিত ডনবক্স স্কুলত স্থাপন কৰা এই ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ প্ৰতি গোলাঘাট প্ৰশাসনৰ চৰম গাফিলতিৰ অভিযোগ উঠিছে। ফলত ইয়াত থকা পূৰুষ, মহিলা আৰু শিশুকে ধৰি প্ৰায় ৭০ গৰাকী লোক নানান সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে।

নিয়মীয়া খাদ্য যোগান নিদিয়াৰ লগতে এই ক’ভিড কেয়াৰ কেন্দ্ৰত থকা লোকক  অপুষ্টিকৰ খাদ্য যোগান ধৰা হৈছে বুলিও অভিযোগ উঠিছে।

নিশা কেন্দ্ৰলৈ যোৱা সাংবাদিকৰ আগত ৰোগীয়ে অভিযোগ উত্থাপন কৰি কয় যে সাধাৰণ মানুহৰ বাবে ক’ভিড কেয়াৰ কেন্দ্ৰ সমূহত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে যদিও এই কেন্দ্ৰটোত সঘনাই অচিনাক্ত লোকৰ প্রবেশ ঘটি আহিছে।

সেইদৰে এই কেন্দ্ৰটোত প্ৰয়োজনতকৈ অধিক ক’ভিড ৰোগী ৰখাৰ বাবে ইয়াত থকা লোক সকলৰ অৱস্থা অধিক দুৰ্বিসহ হয় পৰিছে।

কৰ্তৃপক্ষৰ এনে  কৰ্মকাণ্ডৰ ফলত নিশা এই ক’ভিড কেয়াৰ কেন্দ্ৰৰ থকা লোক সকলে অতিষ্ঠ হৈ কেন্দ্ৰৰ বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হ’য়।

Related News