NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাত পুনৰ ক’ভিডৰ সংক্ৰমণ,এজনৰ মৃত্যু

November 14, 2021 2:56 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: November 14, 2021 2:58 pm

বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও একেবাৰে মুক্ত হোৱা নাই ৷

জিলাখনত শনিবাৰৰ দিনটোত নতুনকৈ ৩ জন ব্যক্তি ক’ভিড – ১৯ আক্ৰান্ত হোৱাত আক্ৰান্তৰ সংখ্যা ৭ জন হৈছে ৷

আক্ৰান্তসকল ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আছে ৷

ইপিনে ক’ভিডত আক্ৰান্ত হৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত এজন লোকৰ মৃত্যু হৈছে ৷

মতৃ লোকজন জিলাখনৰ উত্তৰ শালমাৰাৰ জহৰলাল সিংঘম(৪৬) বুলি জানিব পৰা গৈছে ৷

আনহাতে জিলাখনত শনিবাৰে ক’ভিডত আক্ৰান্ত তিনিজন লোক সুস্থ হৈ উঠিছে ৷

জিলাখনত শনিবাৰে মুঠ ১,২০২ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ৷ উল্লেখ্য যে জিলাখনত ১ মাৰ্চৰ পৰা শনিবাৰলৈ মুঠ ক’ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা হ’ল ৫,১২২ জন ৷

Related News