NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত ৪০০০ অতিক্ৰম ক’ৰ’না আক্ৰান্তৰ সংখ্যা; মৃতকৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2020 9:47 pm
WhatsApp Image 2020-09-11 at 6.17.51 AM

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি পাইছে।

আজি ৰাজ্যখনত এগৰাকী ৬৭ বছৰীয়া লোকে প্ৰাণ হেৰুৱায়।

মেঘালয়ত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাও চাৰি হেজাৰৰ ঘৰ অতিক্ৰম কৰে।

মঙলবাৰৰ দিনটোত মেঘালয়ত নতুনকৈ ১৭২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে আৰু ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৪,০৩৭ গৰাকীলৈ বৃদ্ধি পায়।

মেঘালয়ত ৯ দিনৰ ভিতৰত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩০০০ পৰা ৪০০০ লৈ গতি কৰে।

আজি মৃত্যু হোৱা লোক গৰাকী হৈছে ৬৭ বছৰীয়া গোপাল চন্দ্ৰ বক দাস। দাস ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ডায়াবেটিছ আৰু হায়পাৰ টেনছনত ভূগি আছিল।

শ্বিলঙৰ অসামৰিক চিকিৎসালয়ত আবেলি প্ৰায় ৩ বাজি ২৫ মিনিটত গোপাল চন্দ্ৰ বক দাসে মৃত্যু বৰণ কৰে।

মঙলবাৰৰ দিনটোত মেঘালয়ত নতুনকৈ ১৭২ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৯ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে।

বৰ্তমানলৈ ৰাজ্যখনত মুঠ ২১৯০ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।