NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত ১২৩৯ লৈ বৃদ্ধি ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা; ডিমাপুৰত পুনৰ এসপ্তাহৰ বাবে ল’কডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 8:02 am

শুকুৰবাৰে নাগালেণ্ডত নতুনকৈ ৬৫ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যখনত কোভিড আক্ৰান্ত লোকৰ সংখ্যা ১২৩৯ গৰাকীলৈ বৃদ্ধি পালে।

নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, শুকুৰবাৰে ৰাজ্যখনত কোভিড আক্ৰান্ত হোৱা ৬৫ গৰাকী লোকৰ ভিতৰত ৩২ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱান আৰু ২৫ গৰাকী বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা লোক।

আনহাতে, সাতগৰাকী কোভিড যোদ্ধাও বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে স্বাস্থ্য বিভাগে উল্লেখ কৰিছে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগনু ফোমে টুইটাৰ যোগে নাগালেণ্ডত নতুনকৈ কৰা ৩৭২ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত ৬৫ টা প’জিটিভ পোৱা গৈছে বুলি উল্লেখ কৰে।

নতুনকৈ কোভিড আক্ৰান্ত ৬৫ গৰাকী লোকৰ ভিতৰত ৪১ গৰাকী ডিমাপুৰৰ, ২১ গৰাকী কহিমাৰ আৰু এগৰাকী পেৰেনৰ।

উল্লেখযোগ্য যে, নাগালেণ্ডত বৰ্তমানলৈ মুঠ ১২৩৯ গৰাকী লোক কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত ৫৩০ গৰাকী লোক সুস্থ হৈ উঠিছে।

ৰাজ্যখনৰ ডিমাপুৰত বৰ্দ্ধিত কোভিড-১৯ৰ সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত অনুপ কিনচিয়ে ২৬ জুলাইৰ পৰা ২ আগষ্টলৈ পুনৰ ডিমাপুৰত ল’কডাউন দিয়াৰ কথা ঘোষণা কৰে।