NORTHEAST NOW (Assamese)
অসম

হাইস্কুল টেটৰ পুনৰ মূল্যায়ণৰ নামত কি চলিছে শিক্ষা বিভাগত? অৰাজকতা দূৰ কৰাৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 8:01 am
ssc-exam-647-x-404_112415120950-647x375

কোনো আগতীয়া জাননী অবিহনেই হাইস্কুল টেট পৰীক্ষাৰ পূৰ্বে ঘোষিত ফলাফল পুনৰ ঘোষণাৰ দৰে আজব কাণ্ড কৰি গুৰুতৰ অনিয়ম সংঘটিত কৰা বুলি অভিযোগ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

শিক্ষা বিভাগত এয়া কি চলিছে বুলি প্ৰশ্ন কৰি এই অৰাজকতা আঁতৰ কৰিবলৈ ডি ৱাই এফ আয়ে দাবী জনাইছে।

২০২০ বৰ্ষৰ জনুৱাৰী মাহত অনুষ্ঠিত হাইস্কুল টেট পৰীক্ষাৰ ফলাফল চলিত বৰ্ষৰ মে’ত ঘোষণা কৰিছিল।

এই ফলাফল অনুসৰি অৱতীৰ্ণ হোৱা ৩৫,৮১৩ জন প্ৰাৰ্থীৰ ভিতৰত ১১,৩২২ জন প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল।

প্ৰাৰ্থীসকলৰ পৰীক্ষা বহী (OMR Sheet) কম্পিউটাৰৰ সহায়ত পৰীক্ষা কৰি ফলাফল ঘোষণা কৰা হৈছিল।

অৱশ্যে এই ফলাফলক লৈ কোনোবা প্ৰাৰ্থীৰ ওজৰ-আপত্তি থাকিলে বিভাগৰ ফালৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দিষ্ট প্ৰ-পত্ৰ যোগে আবেদন কৰাৰ সুযোগ দিয়া হৈছিল।

ইয়াৰ ভিত্তিতে ফলাফলক লৈ সন্তুষ্ট নোহোৱা কিছু সংখ্যক প্ৰাৰ্থীয়ে উত্তৰ বহী পুনৰ মূল্যায়ণৰ বাবে আবেদন কৰিছিল।

এনেকুৱা আবেদনৰ ভিত্তিত নিৰ্দিষ্ট সংখ্যক প্ৰাৰ্থীৰ উত্তৰ বহী পুনৰীক্ষণ কৰাটো একো আচৰিত কথা নহয় যদিও সকলো প্ৰাৰ্থীৰে ফলাফল পুনৰ মূল্যায়ণ কৰি ফলাফল দিয়াটো এক গুৰুতৰ অনিয়মৰ লগতে আচৰিত আৰু আজব কাণ্ড হিচাপেই বিবেচিত হৈছে।

পুনৰ মূল্যায়ণৰ বাবে আবেদন নকৰা বহু প্ৰাৰ্থীয়ে নতুনকৈ অহা ফলাফল অনুসৰি ১/২ নম্বৰ কম-বেছি হৈছে বুলি ডি ৱাই এফ আইৰ আগত মুকলিকৈ প্ৰকাশ কৰিছে।

কোনো দাবী আৰু প্ৰতিবাদ অবিহনেই আৰু শিক্ষা বিভাগৰ কোনো আগতীয়া ঘোষণা নোহোৱাকৈ এনেদৰে সমগ্ৰ ফলাফল পুনৰ মূল্যায়ণ কৰি পুনৰ ঘোষণা কৰাতো গুৰুতৰ অনিয়ম বুলি ডি ৱাই এফ আয়ে আভিযোগ কৰিছে।

শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল টেট পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৪৫ দিনৰ ভিতৰত চাকৰি দিম বুলি দাম্ভিকভাৱে ঘোষণা কৰিছিল যদিও আজি পাঁচ মাহ উকলি যোৱাৰ পাছতো টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰখনকে দিব পৰা নাই।

ইয়াৰ বিপৰীতে ফলাফলৰ পুনৰ মূল্যায়ণৰ ঘটনাই উত্তীৰ্ণ প্ৰাৰ্থীসকলক চিন্তিত আৰু হতাশ কৰি তুলিছে।

শিক্ষা বিভাগৰ এই অনিয়মৰ ফলত পূৰ্বে অনুতীৰ্ণ প্ৰাৰ্থী যদি অনৈতিকভাৱে উত্তীৰ্ণ হয় তেন্তে প্ৰকৃত উত্তীৰ্ণ প্ৰাৰ্থীয়ে নহয়, ভবিষ্যতে শিক্ষা বিভাগ তথা ছাত্ৰ-ছাত্ৰীৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাব পৰিব।

এই ক্ষেত্ৰত বিশেষ দৃষ্টি দি কাৰ্যকৰী ব্যৱস্থা ল’বলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।