NORTHEAST NOW (Assamese)

গ্ৰাম্য দু:সাহসিক ক্ৰীড়া! : ডাকৰঘাটত পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা

December 30, 2018 11:35 pm · মিণ্টু দাস
দেওবাৰে ডাকৰঘাটত অনুষ্ঠিত পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা। ফটো : নৰ্থইষ্ট নাও

নৱৰ্বষৰ প্ৰাক্ক্ষণত নগাঁৱৰ ডাকৰঘাটত যুৱ কংগ্ৰেছৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আকৰ্ষণীয় পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা।

নগাঁৱৰ ডাকৰঘাট গাঁও পঞ্চায়তৰ নবনিৰ্বাচিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক উস্ম আদৰণি জনোৱাৰ উদ্দেশ্যেই  দিনযোৰা কাৰ্যসূচীৰে ডাকৰঘাট যুৱ কংগ্ৰেছে আয়োজন কৰে আকৰ্ষণীয় পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা।

নগাঁও জিলাত পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ২০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আকৰ্ষণীয় প্ৰতিযোগিতা  চাবলৈ  বিভিন্ন অঞ্চলৰ মানুহে ভিৰ কৰা পৰিলক্ষিত হয়।

প্ৰতিযোগিতাখনত পানীৰ ওপৰত থকা এডাল কাঠৰ ওপৰৰে চাইকেল লৈ পাৰ হ’বলৈ গৈ বহু প্ৰতিযোগী পানীত পৰে যদিও কেইবাগৰাকীও প্ৰতিযোগী পানীৰ ওপৰত থকা কাঠৰ ওপৰৰে অনায়সে পাৰ হৈ যায়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰতিযোগীসকলো উৎসাহিত হৈ পৰে।

আকৰ্ষণীয় প্ৰতিযোগিতাখনিৰ পুৱা শুভ উদ্বোধন কৰে প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱাই। লগতে উপস্থিত থাকে পাখিমৰীয়া জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য দিপীকা শ‌ইকীয়া, ডাকৰঘাট গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুন, চিৰাজুল হক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।

প্ৰতিযোগিতাখনত  প্ৰথম পুৰস্কাৰ লাভ কৰে প্ৰাচুৰ্যপ্ৰাণ ঠাকুৰীয়াই। আনহাতে, দ্বিতীয় পুৰস্কাৰ আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে দিপাশুং বৰা আৰু বাবুল হুছেইনে লাভ কৰে।

Related News