দলিত আৰু আদিবাসীয়ে ৫০ বছৰ বয়সৰ পৰা লাভ কৰিব পেঞ্চন, ঘোষণা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ
৬০ বছৰ বয়সত নহয়, ৫০ বছৰ বয়সত পেঞ্চন লাভ কৰিব ঝাৰখণ্ডৰ ব্যক্তিসকলে। শুকুৰবাৰে এখন বৈঠকত এই কথা ঘোষণা কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে।
এতিয়াৰ পৰা ৰাজ্যৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বৃদ্ধ পেঞ্চন ৫০ বছৰৰ পৰাই লাভ কৰিব ব্যক্তি সকলে।
শুকুৰবাৰে ঝাৰখণ্ডৰ মুক্তি মৰ্চা চৰকাৰৰ চাৰি বছৰ উপলক্ষে আয়োজন কৰা এক মহোৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰী হেমন্ত সোৰেণ। সেই মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, “চৰকাৰে এতিয়া ৫০ বছৰ বয়সৰ পৰা জনজাতীয় আৰু দলিতক পেঞ্চনৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত লৈছে।
উল্লেখ্য ৰাজ্যখনৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মৃত্যুৰ হাৰ অধিক আৰু ৬০ বছৰ বয়সৰ পিছত কোনো কাম কৰিব নোৱাৰে।
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ২০০০ চনত ঝাৰখণ্ড ৰাজ্য গঠন হোৱাৰ পিছৰ ২০ বছৰত মাত্ৰ ১.৬ লাখ ব্যক্তিয়েহে পেঞ্চনৰ সুবিধা লাভ কৰিছিল। কিন্তু মুক্তি মৰ্চা চৰকাৰৰ চাৰিটা বছৰত পেঞ্চন হিতাধিকাৰীৰ সংখ্যা ৩৬ লাখলৈ বৃদ্ধি পালে।
ইয়াৰ উপৰিও শুকুৰবাৰে ছ’ৰেনে ৪,৫৪৭ কোটি টকাৰ ৩৪৩টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
ৰাজহুৱা সভাত তেওঁ কয় যে এই উপলক্ষে প্ৰায় ৭ হাজাৰ চৰকাৰী চাকৰি নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। ৪৫ হাজাৰ খালী পদৰ বাবেও নিযুক্তি অব্যাহত আছে।