NORTHEAST NOW (Assamese)
দেশ

নতুন বছৰৰ প্ৰথম দিনাই নৰেন্দ্ৰ মোদীয়ে ক’লে এই কথা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2024 10:34 am
নতুন বছৰৰ প্ৰথম দিনাই নৰেন্দ্ৰ মোদীয়ে ক’লে এই কথা

আজিৰ পৰা আৰম্ভ হৈছে ২০২৪ বৰ্ষ। নতুন বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক নতুন বছৰৰ শুভেচ্ছা জনাইছে। সোমবাৰে পুৱা তেওঁ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছে।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, “সকলোকে ২০২৪ বৰ্ষৰ শুভেচ্ছা জনাইছো। এই নতুন বছৰে আপোনালোক সকলোৰে সমৃদ্ধি, শান্তি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।”

প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও নৱবৰ্ষৰ শুভেচ্ছা জনায়। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল! ২০২৪ চনে আপোনালোক সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। আহক আমি সকলোৱে একেলগে উন্নয়নৰ বাবে কাম কৰোঁ।”