NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ, হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ

August 30, 2020 11:10 am · মানস প্ৰতিম গগৈ

 তিনিচুকীয়া জিলাৰ ডিগবৈ বনসংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা চিমা পথাৰত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে প্ৰকৃতিপ্ৰেমী লোকৰ হৃদয়।

দীৰ্ঘদিনে চিমা পথাৰ অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছিল । যোৱা নিশা বন্যহস্তীৰ এটা  দলে খাদ্যৰ সন্ধানত ২নং মাকুম পথাৰ অঞ্চলৰ চিমা পথাৰ এলেকালৈ আহিছিল ।

দলটোৰ মাজৰে এটা মখনা হাতী আজি পুৱা এজন লোকে গৰু এৰাল দিবলৈ যাওঁ‌তে মৃত্যু অৱাস্থাত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়াত ঘটনাস্থলী  লোকে লোকাৰণ্য হৈ পৰে ।

একাংশ ৰাইজৰ সন্দেহ খাদ্যৰ সন্ধানত  ওলাই অহা বন্যহস্তীটোক কোনো লোকে বিজুলী তাঁ‌ৰ লগাই হত্যা কৰিছে।

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে।

এইদৰে এটা প্ৰকাণ্ড মখনা হাতীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News