NORTHEAST NOW (Assamese)

দিল্লীৰ পৰা হাছিনাৰ ভাষণত ক্ষুব্ধ ঢাকা; অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতলৈ প্ৰেৰণ কূটনৈতিক টোকা

February 6, 2025 6:25 pm · এন ই নাও নিউজ, গুৱাহাটী

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে শ্বেখ হাছিনাক লৈ পুনৰবাৰ ভাৰতৰ ওচৰত ক্ষোভ প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে ঢাকাত ভাৰতীয় উচ্চায়ুক্তলৈ প্ৰেৰণ কৰা কূটনৈতিক টোকাত ইউনুছ সৰকাৰে বুধবাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণক উত্তেজক আখ্যা দি নতুন দিল্লীক কয় যে আৱামী লীগৰ নেত্ৰীগৰাকীক যাতে পুনৰ ভাষণ দিবলৈ দিয়া নহয়। ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰে।

যোৱা বছৰৰ ৫ আগষ্টৰ পৰা শ্বেখ হাছিনা দিল্লীত আছে। বুধবাৰৰ পিছত আজি আৰু বৃহস্পতিবাৰেও তেওঁ দলটোৰ উদ্দেশ্যি অনলাইনযোগে ভাষণ দিয়াৰ কথা।

বিবৃতিটোত কোৱা হৈছে যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন মঞ্চত বাংলাদেশৰ বিৰুদ্ধে অশান্তিৰ সৃষ্টি কৰা মিছা আৰু মনেসজা মন্তব্য আৰু বক্তব্যৰ সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰত চৰকাৰক তীব্ৰ প্ৰতিবাদ জনাইছে।

কোৱা হৈছে যে বাংলাদেশ চৰকাৰে গভীৰ উদ্বেগ আৰু হতাশাৰে জনাইছে যে এই মন্তব্যই বাংলাদেশৰ জনসাধাৰণৰ অনুভুতিত আঘাত হানিছে। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে তেওঁৰ কাৰ্যকলাপে বাংলাদেশত বিৰোধিতাৰ সৃষ্টি কৰিছে আৰু দুয়োখন দেশৰ মাজত সুস্থ সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টাৰ বাবে ই অনুকূল নহয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ মনোভাৱেৰে ভাৰত চৰকাৰক অনুৰোধ জনাইছে যে হাছিনাই ভাৰতত থকাৰ সময়ত তেওঁক যাতে মিছা, মনেসজা আৰু উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত ৰাখিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে।

Related News