NORTHEAST NOW (Assamese)

ধুবুৰীত কোভিড-১৯ত আক্ৰান্ত ১০৩২ গৰাকী লোক, নতুনকৈ আক্ৰান্ত ৬৫

July 31, 2020 10:39 am · মুকেশ কুমাৰ সিং
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমৰ সীমামূৰীয়া জিলা ধুবুৰীত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

জিলাখনত শেহতীয়াকৈ কোভিডত আক্ৰান্ত হৈছে ৬৫ গৰাকী লোক।

এতিয়া লৈকে জিলা খনত কোভিড আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ১০৩২ গৰাকী।

ধুবুৰীৰ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে ক’ৰ’ণা ভাইৰাছৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ বাবে যাৱতীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও ভাইৰাছ বিধৰ সংক্ৰমণ সঠিক ভাবে ৰোধ হোৱা নাই।

জিলাখনত ইতিমধ্যে ৬৬৫ গৰাকী লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত ৰোগমুক্ত হ’বলৈ সক্ষম হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে এতিয়াও ধুবুৰীত ৩৬৭ গৰাকী এক্টিভ ৰোগী আছে।

ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত কৰাৰ বাবে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে আৰু এই ব্যৱস্থা ৰোগী চিনাক্ত কৰাত যথেষ্ঠ সহায়ক হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিছে।

এতিয়া লৈকে জিলাখ নত মুঠ ৪৮,৫৭৮ টা নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে আৰু ইয়াৰে ৪৬,৬৯৪ গৰাকী লোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে।

এতিয়াও ৭৩০ টা নমুনাৰ ফলাফল পাবলৈ বাকী আছে।

ক’ৰ’ণাত আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰৰে ২৯ গৰাকীক ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত,৮৮ গৰাকীক মটেৰঝাৰ মডেল হস্পিতালত,৮২ গৰাকীক বিলাসীপাৰা মহকুমা চিকিৎসালয়ত,৮৭ জনক কিচমত হাছদা চিকিৎসালয়ত.৫৬ জনক বগৰীবাৰী মডেল চিকিৎসালয়ত ৯ গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Related News