NORTHEAST NOW (Assamese)

চুলি ষ্ট্ৰেইট কৰে নেকি ? নকৰিব।

December 20, 2022 8:22 pm · এন ই নাও নিউজ, গুৱাহাটী

আজিকালি বেছিভাগ মহিলাই নিজৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে চুলি ষ্ট্ৰেইট কৰে। ফলত চুলিবোৰ ৰেচমী আৰু ধুনীয়া দেখা যায়। যিয়ে মানুহক সহজে আকৰ্ষণ কৰে। কিন্তু এই সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ আছে বহু ক্ষতিকাৰক প্ৰভাৱ-

লগতে পঢ়কঃ বয়স্ক লোকৰ বাবে উপকাৰী যৌন মিলন :: সুখী যৌন জীৱনে দূৰ কৰে হৃদৰোগৰ সম্ভাৱনা

নিস্তেজ আৰু শুকান চুলি :  চুলি ষ্ট্ৰেইট কৰাৰ প্ৰক্ৰিয়াই আপোনাৰ চুলি শুকান আৰু নিস্তেজ কৰি তোলে। চুলি ষ্ট্ৰেইট কৰাৰ পিছত এই কথা আপুনি নিজেই অনুভৱ কৰিব পাৰে। নিয়মিত চুলি ষ্ট্ৰেইট কৰিলে চুলি স্থায়ীভাৱে ৰুক্ষ হৈ পৰে।

ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ : চুলি ষ্ট্ৰেইট কৰাৰ পিছত যত্ন ল’বলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, যাৰ ফলত মানুহৰ শাৰীৰিক ক্ষতি হয়। আৰু ইয়াৰ বাবেই বহুতে এলাৰ্জীত আক্ৰান্ত হয়। ইয়াৰ উপৰিও খজুৱতি, উফিৰ দৰে সমস্যাও দেখা যায়।

চুলি সৰা :  ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ পিছত উফিৰ সমস্যা হয়, যাৰ ফলত চুলি সৰা আৰম্ভ হয়।

নতুন চুলিৰ সমস্যা :  বহুতৰ ক্ষেত্ৰত দেখিবলৈ যে চুলি ষ্ট্ৰেইট পিছত নতুনকৈ গজি অহা চুলিবোৰ দেখাত বেয়া হৈ পৰে। যাৰ ফলত চুলি পুনৰ ষ্ট্ৰেইট কৰিব লগা হয়।

লগতে পঢ়কঃ আশ্চৰ্য! প্ৰথমবাৰৰ বাবে তাজমহললৈ হাউছ টেক্স বিচাৰি জাননী প্ৰেৰণ; বিষয়াৰ ভুল নে আন কিবা?

Related News