NORTHEAST NOW (Assamese)

বনকৰা কিশোৰীক নিৰ্যাতন : চিকিৎসক দম্পতীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

April 14, 2024 3:12 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: April 14, 2024 3:15 pm

পোহৰলৈ আহিছে চিকিৎসক দম্পতীয়ে বন কৰা কিশোৰীৰ ওপৰত চলোৱা জঘণ্য নিৰ্যাতনৰ ঘটনা।

ডিব্ৰুগড়ৰ জেষ্ঠ চৰ্মৰোগ চিকিৎসক দেৱজিৎ দত্ত পত্নী ববি কলিতাৰ বিৰূদ্ধে উত্থাপন হৈছে বন কৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ।

অভিযোগ অনুসৰি ড.দেৱজিৎ দত্ত আৰু তেওঁৰ পত্নী ববী কলিতাৰ ঘৰত বন কৰা কিশোৰীগৰাকীক দীৰ্ঘদিনৰ পৰাই নিৰ্যাতন চলাই আহিছে দম্পতীহালে।
জানিব পৰা মতে ইতিমধ্যে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি ববী কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
লগতে ভুক্তভোগী কিশোৰী গৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে ড.দেৱজিৎ দত্ত বৰ্তমান পলাতক অবস্থাত আছে। আৰক্ষীয়ে দত্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Related News