NORTHEAST NOW (Assamese)

বিয়াৰ আগতে সকলো কৰা উচিত নে? প্ৰভাৱ পৰিব পাৰে বৈবাহিক জীৱনত

September 18, 2024 8:14 am · এন ই নাও নিউজ
Updated: September 18, 2024 12:24 am
Interracial couple being intimate in front of window

বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক কৰা আৰু নকৰা সম্পৰ্কে বিভিন্ন মুনিয়ে বিভিন্ন মত প্ৰকাশ কৰি আহিছে। আনকি সাধাৰণ লোকৰ মাজতো এই সম্পৰ্কে আছে ভিন্ন মত।

কিছুমান লোকে ভাবে যে বিয়াৰ আগতে শাৰীৰিক সম্পৰ্কত লিপ্ত নহ’লে ভাল। আন কিছুমানে আকৌ ইয়াৰ একেবাৰে বিপৰীত স্থিতি গ্ৰহণ কৰে, অৰ্থাৎ বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক স্থাপন কৰাতো উচিত।

শেহতীয়াকৈ ব্রিগম ইয়ং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিষয়টোক লৈ এক গৱেষণা কৰিছিল। তেওঁলোকে কৰা গৱেষণাত দেখা গৈছে যে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক স্থাপন কৰিলে ভৱিষ্যতৰ বৈবাহিক সম্পৰ্কত মিশ্ৰিত প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে।

দ্য মিথ অৱ চেক্সুৱেল এক্সপিৰিয়েন্স: ৱাই চেক্সুৱেলি ইনএক্সপিৰিয়েন্সড ডেটিং কাপলছ এক্চুৱেলি গ’ অন টু হেভ ষ্ট্ৰংগাৰ মেৰেজ” শীৰ্ষক গৱেষণাত ৩,৭৫০ জন আমেৰিকান লোকৰ যৌন আৰু বৈবাহিক জীৱনৰ তথ্যৰ আধাৰত অধ্যয়ন চলোৱা হৈছিল।

গৱেষণাটোৰ মতে মাত্ৰ ১০ৰ পৰা ২০ শতাংশ বিবাহিত পুৰুষে জীৱনকালত কেৱল পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে। বি ৱাই ইউৰ হুইটলী ইনষ্টিটিউটৰ ফেমিলি অধ্যয়নৰ বিশেষজ্ঞসকলে দেখুৱাইছে যে এক সংগীৰ সৈতে যৌন সম্পৰ্ক কৰি মাত্ৰ ১০%ৰ পৰা ২০% বিবাহিত জীৱনত সুখী হৈছে। অৱশ্যে তেওঁলোকে দাবী কৰে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক কৰা লোকতকৈ সংগীৰে (স্বামীস্ত্ৰী) যৌন সম্পৰ্ক কৰি তেওঁলোকতকৈ অধিক। আৰু বিবাহ বিচ্ছেদো তেওঁলোকৰ মাজত যথেষ্ট কম।

বিগত কিছু বছৰ ধৰি আমাৰ আৰু অন্যান্য অধ্যয়নে প্ৰমাণ কৰিছে যে বিবাহৰ পূৰ্বে যৌন অভিজ্ঞতা লাভ নকৰা দম্পতীৰ বিবাহিত জীৱন দুই পৰা তিনি গুণ অধিক সুস্থিৰ হৈ থাকে।” বিশ্ববিদ্যালয়খনৰ ফেল’ ব্ৰেইন জে উইলাফবিয়ে কয়। তেওঁৰ মতে বিবাহ পূৰ্বৰ যৌন অনভিজ্ঞতাই দুয়োৰে মাজত পাৰস্পৰিক শাৰীৰিক আৰু মানসিক বুজাপৰাৰ লগতে আৱেগিকভাৱে অধিক সংযুক্ত কৰিহে তোলে।

ইফালে অধ্যয়নটোৰ মতে বিবাহ পূৰ্ব একেবাৰে যৌন অভিজ্ঞতা থকা মাত্ৰ ১০% লোকেহে তেওঁলোকৰ বৈবাহিক জীৱনত অতি সুখী বুলি মন্তব্য কৰিছে।

আনহাতে, যৌনতা সম্পৰ্কে অনভিজ্ঞ বুলি কোৱা ৪৫% লোকে সৰ্বাধিক সুখী আৰু বৈবাহিক জীৱন অধিক সুস্থিৰ বুলি প্ৰকাশ কৰিছে। তদুপৰি, যিসকলে কেৱল নিজৰ সংগীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে, তেওঁলোকৰ প্ৰায় ৮০%ই পাৰস্পৰিক সম্পৰ্কত অধিক আৱেগিক ঘনিষ্ঠতা প্ৰকাশ কৰিছে। যিটো বিবাহৰ পূৰ্বে একাধিক যৌন সংগী থকা লোকসকলতকৈ ২০%তকৈও অধিক বুলি কোৱা হৈছে।

বহু সংগী থকাৰে যৌন সম্পৰ্ক কৰি অহা লোকৰ মাজত বিবাহ সম্পৰ্কে ইতিবাচক দৃষ্টিভংগী প্ৰকাশ কৰা মানুহৰ সংখ্যা অতি কম বুলিও কোৱা হৈছে। সমীক্ষাটোত বিবাহৰ পূৰ্বে পাঁচৰ পৰা নজন যৌন সঙ্গী থকা ২৫ শতাংশ আৰু ১০ বা ততোধিক যৌন সংগী থকা ১৪ শতাংশ বিবাহিত লোকে বৈবাহিক জীৱনত অধিক সুখী বুলি প্ৰকাশ কৰিছে।
আনহাতে, বিবাহৰ পূৰ্বে যৌন অনভিজ্ঞা লাভ কৰাসকলৰ ভিতৰত ৪৫ শতাংশই ভাবে যে তেওঁলোকৰ বৈবাহিক জীৱন সুস্থিৰভাৱে অধিক দিন বৰ্তি থাকিব। এনে লোকৰ ৮০ শতাংশই কয় যে তেওঁলোক নিজৰ সংগীৰ সৈতে আৱেগিকভাৱে অধিক সংযুক্ত।

Related News