NORTHEAST NOW (Assamese)
Popular Stories

কুন্দুলী খাই আপুনি ভাল পায়নে? যিকোনো চৰ্মৰোগৰ বাবে উপকাৰী এইবিধ পাচলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2025 6:30 am
কুন্দুলী খাই আপুনি ভাল পায়নে? যিকোনো চৰ্মৰোগৰ বাবে উপকাৰী এইবিধ পাচলি

আমি দৈনন্দিন জীৱনত খোৱা সকলো পাচলিৰ ভিতৰত এবিধ বিশেষ পাচলি হৈছে কুন্দুলী। বহুতৰে প্ৰিয় খাদ্য হৈছে এই কুন্দুলী। বেছিভাগ গঞাৰ ঘৰতে কুন্দুলীৰ গছ দেখিবলৈ পোৱা যায়। বিশেষকৈ কুন্দলী এবিধ লতাজাতীয় উদ্ভিদ। ই সাধাৰণতে জেং বা গছত বগোৱা উদ্ভিদ।

পিছে আপুনি জানেনে এই কুন্দুলীৰ আছে কিছুমান ঔষধিগুণ।

কুন্দুলীৰ ঔষধি গুণৰ বিষয়ে জানিলে আপুনিও আচৰিত হব। এই সন্দৰ্ভত চিকিৎসকে কয় যে কুন্দুলীয়ে মানুহৰ শৰীৰত বিশেষভাৱে সহায় কৰে। কুন্দুলীৰ কেঁচা ফলৰ ৰসে জিভাৰ ঘাঁ শুকোৱাত সহায় কৰে। গৰু-ছাগলীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলীৰ পাতৰ ৰস লগালে ৰোগ নিৰাময় হয়।

কুন্দুলীৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়। শৰীৰত হোৱা খজুৱতিত কুন্দুলীৰ কেঁচাপাত থেতেলিয়াই মিহি কৰি লগালে খজুৱতি কমে। কুন্দুলী সঞ্চিত পেট চলা ৰোগত উপকাৰী। বহুমূত্র ৰোগীয়ে পাত থেতেলিয়াই ৰস উলিয়াই খালে ভাল ফল পায়গনোৰিয়া ৰোগত কুন্দুলীৰ পাতৰ ৰস বহু উপকাৰী। কুন্দুলীৰ পাতৰ ৰস যিকোনো জন্তুৱে কামোৰা স্থানত লগালে সোনকালে আৰাম পোৱা যায়। ছালৰ যিকোনো ৰোগত কুন্দুলীৰ পাতৰ ৰস লগালে উপকাৰ পোৱা যায়।