গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মানৱ সম্পদ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত DST-FIST লেৱৰটৰী উদ্বোধন
গুৱাহাটীৰ আজাৰাস্থিত নৱস্থাপিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসমৰ বিদ্যায়তনিক দিশটোত এক নৱতম সংযোজনৰ দ্বাৰা ইয়াৰ শিক্ষাৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে।
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সৰ DST-FIST ৰ দ্বাৰা অনুমোদিত পৰীক্ষাগাৰটিক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰ হিচাপে উত্তোৰন কৰাৰ বাবে এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ ৰমেশ চন্দ্ৰ ডেকাই উদ্বোধন কৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰামৰ্শক প্ৰফেছাৰ কন্দৰ্প দাস, আইআইটি, গুৱাহাটীৰ প্ৰফেছাৰ উৎপল বৰা, বিজ্ঞানী পি.চট্টোপধ্যায় (ডিআৰএল, তেজপুৰ) গুৱাহাটী আইএচএচটিৰ বিজ্ঞানী প্ৰফেছাৰ ৰাজলক্ষ্মী দেৱী, পশু চিকিৎসা মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক প্ৰফেছাৰ প্ৰীতম মোহন আদি বিশিষ্ট ব্যক্তিসকল।
পোনপ্ৰথমে প্ৰতিষ্ঠানৰ অধ্যক্ষ প্ৰফেছাৰ পি.মালাইৰাজনে সকলোকে উদ্দেশ্যি আদৰণি সম্ভাষন আগবঢ়ায়। মূখ্য অতিথি তথা উদ্বোধক হিচাপে উপস্থিত থকা প্ৰফেছাৰ ৰমেশ চন্দ্ৰ ডেকাই প্ৰতিষ্ঠাখনে গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ কথা স্বীকাৰ কৰি সকলোৰে শলাগ লয়।
ইয়াৰ লগতে তেখেতে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ বিধক প্ৰতিৰোধৰ বাবে দৰৱৰ উন্নয়নৰ বাবে চলোৱা গবেষণাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানে আৰু অধিক উন্নতি লাভ কৰিব বুলি আশা ব্যক্ত কৰে।
তদুপৰি অনুষ্ঠানত উপস্থিত থকা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰামৰ্শক প্ৰফেছাৰ কন্দৰ্প দাসে প্ৰতিষ্ঠানখনিৰ গৱেষণা মূলক কাৰ্যত ন উদ্যমেৰে শিক্ষক সমাজৰ সকলোকে গৱেষণাৰ ক্ষেত্ৰখনত কাম কৰি যাবলৈ তথা প্ৰতিষ্ঠানখনিৰ গৱেষণা সংস্কৃতিক এক নৱৰূপ দিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে চলিত বছৰতেই গৱেষণাৰ ক্ষেত্ৰখনত ইতিহাস সৃষ্টি কৰি আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ ঐতিহাসিক স্বীকৃতি হিচাবে গৱেষণাৰ বাবে ১.১০ কোটি টকাৰ অনুদান লাভ কৰে। গৱেষণাৰ বাবে এই বৃহৎ ধনৰাশি লাভ কৰা এইখনেই হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথম খন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান।