NORTHEAST NOW (Assamese)

ৰজাদিনীয়া পৰম্পৰাৰে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত শাৰদীয় দূৰ্গা পূজা

October 12, 2021 3:17 pm · নীলমণি শৰ্মা ,কৃষ্ণাই
Updated: October 12, 2021 3:20 pm

ৰজাদিনীয়া পৰম্পৰাৰে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত অনুষ্ঠিত হৈছে শাৰদীয় দূৰ্গা পূজা। ক’ভিড প্ৰট’কল মানি দেৱালয়ৰ পৰা পুৰোহিতৰ দলে ঢোলে ডগৰে আহে হাদী গাওঁলৈ৷

শাৰদীয় দূৰ্গা পূজাৰ মহা ষষ্ঠীৰ দিনা ধৰ্মীয় ৰীতি নীতিৰে বেলবৰণ কৰা হয়।

পৰম্পৰা অনুসৰি মহা ষষ্ঠী পূজাৰ দিনাই সন্ধিয়া দেৱালয় খনৰ কাষতে থকা হাদী গাঁৱৰ এডাল বিশেষ বেল গছৰ পৰা পূজা-অৰ্চনা কৰি গছৰ এযোৰ বেল দেৱালয় খনলৈ লৈ অনা হয়৷

দেৱালয়ৰ পুৰোহিতৰ দল এটাই আয়তিৰ উৰুলি তথা ঢোলে ডগৰে হাদী গাঁৱৰ বেল গছৰ পৰা বেল লৈ অহাটো এটা পৰম্পৰা৷

তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণে ১৭০০ শতিকাত আৰম্ভ কৰা এই পূজাৰ সময়ত এই গাওঁখনৰ বিশেষ বেল গছৰ পৰা বেল দেৱালয় খনলৈ লৈ অনাৰ প্ৰবাদ আছে ৷

সেই পৰম্পৰা আজিও চলি আহিছে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত৷ বেলবৰণৰ পিছতে আজি গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৰজা দিনীয়া পৰম্পৰাৰে অনুস্থিত হৈছে শাৰদীয় দূৰ্গা পূজাৰ সপ্তমী পূজা ৷

ঐতিহাসিক দেৱালয় খনৰ পূজাত এইবাৰো ক’ভিড বিধি মানি বহু লোকৰ সমাগম হোৱা দেখা গৈছে।

Related News