NORTHEAST NOW (Assamese)

কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ : অনিল আম্বানীৰ ঘনিষ্ঠ অশোক কুমাৰক গ্ৰেপ্তাৰ ইডিৰ

October 11, 2025 3:31 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰিলায়েন্স কমিউনিকেশ্যনৰ প্ৰাক্তন অধ্যক্ষ অনিল আম্বানীৰ অস্বস্তি বাঢ়িছে। এইবাৰ ইডিয়ে আৰ্থিক আত্মসাৎৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে উদ্যোগপতিগৰাকীৰ সহযোগী অশোক কুমাৰ পালক।

তেওঁ ৰিলায়েন্স পাৱাৰৰ কাৰ্যবাহী সঞ্চালক আৰু মুখ্য বিত্তীয় বিষয়া হিচাপে কাম কৰি আছিল। দীৰ্ঘদিনীয়া জেৰাৰ অন্তত অৱশেষত শুকুৰবাৰে নিশা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে অনিল আম্বানীৰ কোম্পানীয়ে নিজকে দেউলীয়া ঘোষণা কৰিছে। অনিল আম্বানীৰ বিৰুদ্ধে মুঠ ১৭ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। কাৰ্যতঃ ডিঙিলৈকে ঋণত ডুব গৈ আছে আৰকমৰ প্ৰাক্তন অধ্যক্ষগৰাকী। তেওঁ নিজৰ সম্পত্তি বিক্ৰী কৰি ঋণ পৰিশোধ কৰিবলৈও চেষ্টা কৰিছে।

ষ্টেট বেংকে পূৰ্বে প্ৰকাশ কৰিছিল যে আৰকম আৰু আম্বানীয়ে বিভিন্ন বেংকৰ পৰা ৩১,৫৮০ কোটি টকাৰ ঋণ লৈছিল। সেই ঋণৰ বেছিভাগেই পৰিশোধ হোৱা নাই। ইতিমধ্যে ষ্টেট বেংকে অনিল আম্বানীক ‘প্ৰৱঞ্চক বুলি অভিহিত কৰিছে।

একেদৰে বেংক অৱ ইণ্ডিয়া আৰু বেংক অৱ বৰোদাইও আৰকমৰ প্ৰাক্তন অধ্যক্ষগৰাকীক ‘প্ৰৱঞ্চক বুলি অভিহিত কৰিছে। মুঠতে আৰকমৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কেইবাটাও বেংকে জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে। আগষ্ট মাহত ইডিয়ে আৰ্থিক জালিয়াতিৰ অভিযোগত আম্বানীৰ প্ৰায় ৫০টা ঠিকনাত তালাচী চলাইছিল। অনিল আম্বানী কেইবাবাৰো ইডিৰ মুখামুখি হ’বলগীয়া হৈছিল। কিন্তু এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ সহযোগী অশোকক গ্ৰেপ্তাৰ কৰিছে।

Related News