NORTHEAST NOW (Assamese)

বি টি চি নিৰ্বাচনৰ দিন ঘোষণা

March 11, 2020 1:15 pm · এন ই নাও নিউজ
হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

সমগ্ৰ ৰাজ্যবাসীয়ে চাবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি থকা বিটিচি নিৰ্বাচনৰ দিন আজি ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।

ঘোষণা অনুসৰি নিৰ্বাচন অহা ৪ এপ্ৰিল (শনিবাৰ)ত অনুষ্ঠিত হ’ব আৰু ৮ এপ্ৰিল (বুধবাৰ)ত ভোট গণনা কৰা হ’ব। তদুপৰি যদি প্ৰয়োজন হয় তেন্তে ৬ এপ্ৰিলৰ দিনটো পুনৰ ভোটগ্ৰহণৰ দিন হিচাপে ধাৰ্য কৰিছে।

প্ৰাৰ্থীসকলে ১৮ মাৰ্চ (বুধবাৰ)ৰ ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব।  তাৰ মাজতে ১৯ মাৰ্চ (বৃহস্পতিবাৰ)ত হ’ব মনোনয়ন পত্ৰ পৰীক্ষা।

আনহাতে প্ৰাৰ্থীসকলে মনোনয় পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব ২১ মাৰ্চৰ ভিতৰত। তদুপৰি সেই দিনটোতে প্ৰকাশ কৰা হ’ব চূড়ান্ত প্ৰাৰ্থী তালিকা।

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে স্বাক্ষৰিত কৰা এখন জাননীৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

৪০ খন আসনযুক্ত বিটিচি নিৰ্বাচনৰ বাবে ইতিমধ্যে বি পি এফ, য়ুপিপিএলৰ লগতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া নেতৃত্বাধীন দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।

Related News