NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 12, 2022 11:48 am

ৰাজ্যখনত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে মৰিগাঁৱত আন এটা হাতী মৃত অৱস্থাত উদ্ধাৰ হৈছে।  বন বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি ধাননি পথাৰত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু ঘটিছে।

বিষয়াসকলে জানিবলৈ দিয়ে যে ঘটনাটো ধৰমতুলৰ দাপুনিবৰী অঞ্চলৰ সমীপত সংঘটিত হৈছে।

হাতীটো কাৰেন্ট প্ৰবাহিত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত বিদ্যুৎস্পৃষ্ট হৈছিল। হাতী বা জন্তুক খেতি পথাৰৰ পৰা আঁতৰাই ৰাখিবলৈ এই তাঁৰ সংস্থাপন কৰাৰ অনুমান কৰা হৈছে।

লগতে পঢ়ক: বাহিৰা শক্তিয়ে টলাব নোৱাৰিলে হিমাচল কংগ্ৰেছক! নিৰ্বিঘ্নে নতুন মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীয়ে ল’লে শপত

মৃত হাতীটো স্থানীয় লোকে দেখা পোৱাৰ পিছতে লগে লগে বন বিভাগক অৱগত কৰে।

বিষয়াসকলৰ মতে, হাতীটোৰ বয়স প্ৰায় ৩৫ বছৰ আছিল আৰু খাদ্যৰ সন্ধানত অঞ্চলটোলৈ আহিছিল। বন বিভাগে ঘটনাটোৰ এক তদন্ত আৰম্ভ কৰিছে।