NORTHEAST NOW (Assamese)

বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হবিবুল বাছাৰ কোভিড প’জিটিভ

November 14, 2020 7:43 am · এন ই নাও নিউজ
হবিবুল বাছাৰ

বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হবিবুল বাছাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ক’ৰ’না প’জিটিভ হোৱা হবিবুল বাছাৰ বৰ্তমান সময়ত কোৱাৰেণ্টাইনত আছে বুলি বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ হৈছে।

‘‘মই বহু সতৰ্কতা অৱলম্বন কৰিছিলো তাৰ পাছতো কোভিডৰ দ্বাৰা সংক্ৰমিত হ’লো……আমি একো কৰিব নোৱাৰো…..ভাইৰাছে আমাক কাকো এৰি দিয়া নাই,’’ বাংলাদেশৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে কোভিড প’জিটিভ হোৱাৰ পাছত এনেদৰে কয়।

৪৮ বছৰীয়া বাংলাদেশী ক্ৰিকেটাৰ গৰাকীয়ে মুঠ ১১১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল আৰু ৫০ খন টেষ্ট খেলত অংশগ্ৰহণ কৰিছিল।

অধিনায়ক হিচাপে বাছাৰে ৬৯ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু ১৮ খন টেষ্ট খেলত বাংলাদেশ জাতীয় দলক নেতৃত্ব প্ৰদান কৰিছিল।

বাংলাদেশ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ তৰফৰ পৰা প্ৰাক্তন বাংলাদেশী ক্ৰিকেটাৰ গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

Related News