NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে দলত্যাগ ত্ৰিপুৰাৰ প্ৰাক্তন বিজেপি বিধায়কৰ

January 30, 2019 10:10 am · এন ই নাও নিউজ
Updated: January 30, 2019 10:20 am
ৰাজেশ্বৰ দেৱবাৰ্মা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবত হোৱা উত্তাল প্ৰতিবাদে বিজেপি দলক শংকিত কৰি তোলাৰ সময়তে ত্ৰিপুৰাৰ এগৰাকী বিজেপি নেতা তথা প্ৰাক্তন বিধায়কে দল ত্যাগ কৰা ঘটনাই চিন্তিত কৰি তুলিছে বিজেপিক। বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰি বিজেপি দলৰ নেতা তথা প্ৰাক্তন বিধায়ক ৰাজেশ্বৰ দেৱবাৰ্মাই ২৯ জানুৱাৰিত দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰে।

নিজৰ পদত্যাগ পত্ৰখনৰ জৰিয়তে দেৱৱাৰ্মাই কয় ‘দলটোৱে এই বিধেয়কখনৰ জৰিয়তে জাতিগত বৈষম্য বৃদ্ধি কৰিবলৈ লৈছে আৰু থলুৱা জনগোষ্ঠীসমূহক অধিক সংকটৰ মাজলৈ ঠেলি দিছে’।

বিধেয়কখন বাতিলৰ দাবীত যোৱা ৮ জানুৱাৰিত নেছ’ই আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ সময়ছোৱাত শান্তিপূৰ্ণ তথা গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা ছাত্ৰসমাজৰ ওপৰত ত্ৰিপুৰা আৰক্ষীৰ দলে চলোৱা নিৰ্বিচাৰ গুলীচালনাকো তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে।

উত্তৰ-পূবৰ বিভিন্ন ৰাজনৈতিক দল আৰু বেচৰকাৰী সংগঠনে তীব্ৰ বিৰোধিতা কৰাৰ পাছতো কেন্দ্ৰই বিধেয়কখন লোকসভাত গৃহীত কৰে। দল-সংগঠনৰ প্ৰতিবাদক আওকান কৰি বিজেপিয়ে বিধেয়কখন গৃহীত কৰা কাৰ্যত তেওঁ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায়।

প্ৰাক্তন বিধায়কগৰাকীয়ে ২৯ জানুৱাৰিত ত্ৰিপুৰা প্ৰদেশ বিজেপিৰ সভাপতি তথা মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত বিজেপি চৰকাৰে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু থলুৱা জনগোষ্ঠীৰ প্ৰতি কৰা বিভিন্ন অন্যায়ৰ কথা স্পষ্ট ৰূপত উল্লেখ কৰে।

ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰাত বিপ্লব কুমাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন কৰে সদ্য বিজেপি ত্যাগী নেতা ৰাজেশ্বৰ দেৱবাৰ্মাই।

Related News