NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ত্ৰিপুৰাত দুজনকৈ সাংবাদিকক আক্ৰমণ ড্ৰাগছ মাফিয়াৰ! তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

Posted by: এন ই নাও নিউজ January 30, 2019 12:25 pm
media-attack-750x375

যোৱা ২৭ জানুৱাৰিত ত্ৰিপুৰাত দুজন সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাই ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ২৯ জানুৱাৰিত এই সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ ত্ৰিপুৰা চৰকাৰে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে।

সাংবাদিকক আক্ৰমণ কৰা ঘটনাত পেৰামিলিটেৰী ফ’ৰ্চৰ সদস্য জড়িত থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতে ৰাজ্য চৰকাৰে এই বিষয়টো সন্দৰ্ভত তদন্ত ঘোষণা কৰে।

ইফালে সাংবাদিকক আক্ৰমণ কৰা ঘটনাক ত্ৰিপুৰা জাৰ্নেলিষ্ট য়ুনিয়নে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ঘটনাটোত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে।

ইযাৰ উপৰি ত্ৰিপুৰা ওৱৰ্কিং জাৰ্নেলিষ্ট এছ’চিয়েশ্যনে ড্ৰাগছ সৰবৰাহ আৰু মাফিয়াৰ লগত আছাম ৰাইফলছ, বি এছ এফ আৰু ত্ৰিপুৰা আৰক্ষীৰ লোক জড়িত থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। একমাত্ৰ অনৈতিক কাৰ্যকলাপ তথা ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰা বাবেই এনেদৰে সাংবাদিক দুগৰাকী আক্ৰমণৰ সন্মুখীন হ’ব লগীয়া হয় বুলি কয়।

উল্লেখ্য যে ত্ৰিপুৰাৰ আটাইতকৈ জনপ্ৰিয় দৈনিক বাতৰি কাকত ‘দৈনিক সম্বাদ’ৰ সংবাদদাতা আশিষ চক্ৰৱৰ্তিক সন্দেহজনক ড্ৰাগছ মাফিয়াৰ দলে খোৱাই অঞ্চলত মাৰপিট কৰাৰ লগতে ধমকি প্ৰদান কৰিছিল। আনহাতে চাদেক মিঞা নামৰ আন এজন ইলেকট্ৰ’নিক মাধ্যমৰ সাংবাদিকক সীমান্ত অঞ্চল সোণামুৰাৰ পৰা অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি নি মাৰপিট কৰে।

ইফালে উক্ত ঘটনাক গৰিহণা প্ৰদান কৰে ত্ৰিপুৰাৰ স্বাস্থ্য মন্ত্ৰী সুদীপ ৰয় বৰ্মনে। এক অনুষ্ঠানত অংশ লোৱাৰ পাছতে তেওঁ কয়, ‘এই সম্পৰ্কে মই আৰক্ষী সঞ্চালক প্ৰধানৰ লগত কথা পাতিম। এনেদৰে আইন শৃংখলা উলংঘন কৰা কাৰ্যক আমি সহজভাৱে নলও’।

উল্লেখ্য যে বিগত এটা-দুটা বছৰৰ ভিতৰতে সাংবাদিকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনা ত্ৰিপুৰাত যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা বৰ্ষতে অচিনাক্ত দুৰ্বৃত্তৰ বলি হৈ ৰাজ্যখনৰ দুজনকৈ সাংবাদিক ক্ৰমে শান্তনু ভৌমিক আৰু সুদীপ দত্ত ভৌমিকে মৃত্যুবৰণ কৰিব লগীয়া হৈছে।