NORTHEAST NOW (Assamese)

অৱশেষত গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান

May 9, 2023 5:22 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 9, 2023 6:51 pm

অৱশেষত গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। ইছলামাবাগৰ উচ্চ ন্যায়ালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

খানক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে পাকিস্তানৰ তেহৰিক-ই-ইনছাফৰ অধিবক্তা ফৈছাল চৌধৰীয়ে। তেহৰিক-ই-ইনছাফৰ নেতা ফাৱাদ চৌধুৰীয়ে টুইটযোগে এই গ্ৰেপ্তাৰক অপহৰণ বুলি অভিহিত কৰিছে।

আলকাদিৰ ট্ৰাষ্টৰ গোচৰত হাজিৰ হোৱাৰ পিছতে ইমৰাণ খানক পাকিস্তানী ৰেঞ্জাৰছে জিম্মাত লৈছিল। অভিযোগ অনুসৰি বাহৰিয়া টাউন নামৰ ব্যক্তিগত ৰিয়েল এষ্টেট কোম্পানীটোৱে ইমৰান খান আৰু তেওঁৰ পত্নীৰ মালিকানাধীন আল কাদিৰ ট্ৰাষ্টক ৫৩ কোটি পাকিস্তানী টকাৰ মাটি আবণ্টন দিছিল।

লগতে পঢ়কঃ অপাৰ ধৈৰ্য শক্তি : এচি ৰুমত পিতৃৰ মৃতদেহ থৈ পৰীক্ষা দিবলৈ গ’ল কন্যা

এই গোচৰ অনুসৰিয়ে ৰাষ্ট্ৰীয় জবাবদিহিতা সংস্থাৰ নিৰ্দেশত খানক গ্ৰেপ্তাৰ কৰা হয়। যোৱা ১ মে’ত তেওঁলোকে খানৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, “কাদিৰ ট্ৰাষ্ট গোচৰত ইমৰাণ খানক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমানৰ পাকিস্তানৰ পৰিস্থিতি স্বাভাৱিক। ১৪৪ ধাৰা বলবৎ হৈ আছে আৰু উলংঘা হ’লে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেকখ্য যে ইয়াৰ পূৰ্বেও কেইবাবাৰো ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলি আছিল যদিও বাৰে বাৰে পাকিস্তানৰ ৰেঞ্জাৰ বিফল হৈছিল ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী বীৰেন সিঙে জনালে, ‘মণিপুৰৰ হিংসাত ৬০ জন লোকে হেৰুৱাইছে প্ৰাণ, জ্বলিছে ১৭০০ ঘৰ!’

Related News