NORTHEAST NOW (Assamese)

দাম বাঢ়িব পাৰে বিড়ি-চিগাৰেটৰ, কেন্দ্ৰই গঠন কৰিব বিশেষজ্ঞ সমিতি

October 20, 2021 1:05 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 20, 2021 1:06 pm
প্ৰতিনিধিত্বমূলক ছবি

বিড়ি-চিগাৰেটৰ ধৰে ধঁপাতজাত সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই বিষয়ত সিদ্ধান্ত ল’বলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিব।

সমিতিয়ে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ পিছতে বিড়ি-চিগাৰেটৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যোৱা বাজেটত কেন্দ্ৰই বিড়ি-চিগাৰেটৰ ওপৰত কোনো কৰ লগোৱা নাছিল।

ইয়াৰ আগৰ বাজেটতহে চিগাৰেটৰ ওপৰত ১১ শতাংশ কৰ লগোৱা হৈছিল।

শেহতীয়াকৈ কেন্দ্ৰই বিড়ি-চিগাৰেটৰ দাম বৃদ্ধি হ’ব বুলি কথা ওলোৱাৰ পিছতে ভাৰতত চিগাৰেট উৎপাদনকাৰী সৰ্ববৃহৎ কোম্পানী আইটিচিৰ শ্বেয়াৰ হঠাতে অৱনমিত হৈছে।

কালিৰ দিনটোত আইটিচিৰ শ্বেয়াৰ ৫ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হয়।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰই অহা বছৰৰ ১ ফেব্ৰুৱাৰীৰ পৰাই বিড়ি-চিগাৰেটৰ দাম বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

চৰকাৰৰ বিশেষজ্ঞ সমিতিত কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰ, জিএছটি কাউন্সিল, নিটি আয়োগৰ সদস্য থাকিব বুলি জানিব পৰা গৈছে।

সমিতি খনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধিও থাকিব।

Related News