NORTHEAST NOW (Assamese)

ভুৱা খবৰৰ পৰা সাৱধান : মিছা বুলি প্ৰমাণিত হ’ল সেনাই যাত্ৰীবাহী বিকল ৰে’ল ঠেলাৰ বাতৰি

July 10, 2023 3:45 pm · এন ই নাও নিউজ, গুৱাহাটী

সোমবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে সেনাৰ জোৱান, আৰক্ষীৰ দল, ৰে’লৱেৰ কৰ্মচাৰী, স্থানীয় লোক, আৰু যাত্ৰীসকলে ৰে’ল এখন ঠেলিবলৈ ধৰিছে।

অসংখ্য সংবাদ মাধ্যম আৰু বিৰোধী নেতাই শ্বেয়াৰ কৰাৰ লগে লগে এই ভিডিঅ’ ফুটেজটো ভাইৰেল হৈ পৰে।

ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁলোকে দাবী কৰিছিল যে শ শ যাত্ৰী কঢ়িয়াই অনা ভাৰতীয় ৰে’লৱেৰ এখন ৰে’ল স্তব্ধ হৈ পৰিছে আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ ঠেলি দিয়াৰ প্ৰয়োজন হৈছে। 

অৱশ্যে এই দাবী মিছা। বিভ্ৰান্তিকৰ দাবীৰ বিপৰীতে এইটো এটা অগ্নিকাণ্ডৰ উদ্ধাৰ অভিযানৰ সময়ৰ হে ভিডিঅ’।

২০২৩ চনৰ ৭ জুলাই তাৰিখে হাওৰা-ছেকেণ্ডৰাবাদ পথত ফালাকনুমা এক্সপ্ৰেছৰ ৫টা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। এই জুই অন্য ডবালৈ বিয়পি পৰাত বাধা দিবলৈ তাৎক্ষণিকভাবে পিছফালৰ ৩টা ডবা উদ্ধাৰকাৰী, সেনা আৰু স্থানীয় ৰাইজে ঠেলি আঁতৰাই দিয়ে।

ক্ষতিগ্ৰস্ত ডবাবোৰৰ পৰা অক্ষতিগ্ৰস্ত ডবাকেইটা ৰক্ষা কৰাৰ বাবে ইঞ্জিন আহি পোৱালৈ অপেক্ষা নকৰি ততাতৈয়াকৈ ডবাকেইটা ঠেলি বিচ্ছিন্ন কৰিছিল উদ্ধাৰকাৰীসকলে।  ইতিমধ্যে ৰে’ল মন্ত্ৰালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই এই কথা স্পষ্ট কৰি দিয়ে।

 

লগতে পঢ়কঃ মূল্যবৃদ্ধিৰ ছাইড এফেক্ট! বেনাৰসৰ পাচলিৰ দোকানত বিলাহী পহৰা দিবলৈ নমোৱা হ’ল বাউন্সাৰ

লগতে পঢ়কঃ তদন্তত ওলাল উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ আচল কাৰণ। দোষ কাৰ?

লগতে পঢ়কঃ ক’তো নিৰাপদ নহয় সাংবাদিক! মেক্সিকোত ঘৰৰ পৰা তুলি নি হত্যা সাংবাদিকক

Related News