NORTHEAST NOW (Assamese)

BISৰ অভিযানত আমাজন আৰু ফ্লিপকাৰ্টৰ গুদামত নকল সামগ্ৰী উদ্ধাৰ

March 29, 2025 6:59 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় মানদণ্ড সংস্থা (BIS) দিল্লীত এক বিশেষ অভিযান চলাই আমাজন আৰু ফ্লিপকাৰ্টৰ গুদামৰ পৰা বিপুল পৰিমাণে নকল সামগ্ৰী উদ্ধাৰ কৰিছে। এই ঘটনাই অনলাইন সামগ্ৰী ক্ৰয়ৰ বিশ্বাসযোগ্যতা লৈ বিতৰ্ক সৃষ্টি কৰিছে।

জানিব পৰা মতে দিল্লীৰ মোহন কো-অপাৰেটিভ ইন্ডাস্ট্ৰিয়েল এলেকাত থকা আমাজনৰ গুদামত বিআইএসৰ তদন্তকাৰীয়ে অভিযান চলায়। গুদামত থকা মিক্সাৰ গ্ৰাইণ্ডাৰ, গিজাৰ আৰু অন্যান্য ইলেকট্ৰনিক সামগ্ৰী নকল বুলি ধৰা পৰে। কিছু সামগ্ৰীৰ গাত বাধ্যতামূলক ISI চিহ্ন নাছিল, আনহাতে কিছুমানত জাল ISI চিহ্ন থকা বুলি সদৰী কৰিছে। ১৫ ঘণ্টাৰ অভিযানৰ অন্তত ৭০ লাখ টকাৰ ৩৫০০তকৈ অধিক সামগ্ৰী বাজেয়াপ্ত কৰে অভিযানকাৰী সংস্থাটোৱে

ইয়াৰ পাছতফ্লিপকাৰ্টৰ গুদামতো অভিযান চলোৱা হয়। তাত নিম্নমানৰ স্পৰ্টচ জোতা উদ্ধাৰ হয়। গুদামৰ পৰা ৫৯০ জোতা বাজেয়াপ্ত কৰা হয়, যাৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা।

এই অভিযান কেৱল দিল্লীত সীমাবদ্ধ নহয়। গুৰগাঁও, ফৰিদাবাদ, লখন আদি ঠাইত বিআইএসে অনুসন্ধান চলাই ৭৬৯ ধৰণৰ নকল সামগ্ৰী বাজেয়াপ্ত কৰে। তামিলনাডুত আমাজন আৰু ফ্লিপকাৰ্টৰ গুদামত অভিযান চলাই ৩৩৭৬ সামগ্ৰী আৰু ৩৫৮ সামগ্ৰী বাজেয়াপ্ত কৰা হৈছে।

বিআইএসৰ মতে, অনুমোদন নথকা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা হব। আমাজনে এই সন্দৰ্ভত জনাইছে যে তেওঁলোকে নিয়ম অনুগামী হৈ কাম কৰে আৰু অভিযোগ অহা ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে বুলি উল্লেখ কৰিছে

Related News