NORTHEAST NOW (Assamese)

মাত্ৰ ৪১ বছৰ বয়সত ৬০০ সন্তান! যুৱকৰ শুক্ৰাণু দানত নিষেধাজ্ঞা জাৰি আদালতৰ

April 30, 2023 11:00 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

মাত্ৰ ৪১ বছৰ বয়সত জন্ম ৬০০ সন্তান! অভিযোগ পোহৰলৈ অহাৰ লগে লগে আদালতে যুৱকজনৰ শুক্ৰাণু দানত নিষেধাজ্ঞা আৰোপ কৰে।

নেদাৰলেণ্ডত সংঘটিত হৈছে এই ঘটনা। অভিযুক্তৰ নাম জোনাথন। শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল এটা সংগঠন আৰু এটি শিশুৰ মাতৃয়ে।

লগতে পঢ়ক: উন্মাদৰ কাণ্ড! আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত শিশুসহ একেটা পৰিয়ালৰ ৫জন নিহত

অভিযোগৰ ভিত্তিত শুকুৰবাৰে যুৱকজনৰ শুক্ৰাণু দানত নিষেধাজ্ঞা আৰোপ কৰে আদালতে। এই নিৰ্দেশ অমান্য হ’লে ৯০ লাখতকৈ অধিক টকাৰ জৰিমনা ভৰিব লাগিব বুলিও জনোৱা হৈছে।

সূত্ৰ অনুসৰি, ২০০৭ চনৰ পৰাই জোনাথনে শুক্ৰাণু দান কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ১৩ খন ক্লিনিকত শুক্ৰাণু দান কৰে। ইয়াৰে ১১খন নেদাৰলেণ্ডৰ ক্লিনিকত দান দিছে।

উল্লেখ্য যে ২০১৭ চনত তেওঁক বিভিন্ন ক্লিনিকত শুক্ৰাণু দান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কিন্তু তাৰপিছতো অনলাইনত কাম চলাই থাকে। তেওঁ এই পৰ্যন্ত ৬০০ সন্তানৰ জন্মদাতা।

লগতে পঢ়ক: ৰাস্তাৰ কুকুৰৰ দলে কামুৰি ছিৰাছিৰ কৰি পেলালে মহিলাৰ শৰীৰ; ৰাতিপুৱাই কুকুৰৰ আক্ৰমণত মৃত্যু!

ইপিনে, নেদাৰলেণ্ডত মাত্ৰাধিক শুক্ৰাণু দান নিষিদ্ধ। নিয়ম অনুসৰি, এগৰাকী পুৰুষে সৰ্বাধিক ১২ গৰাকী মহিলাক শুক্ৰাণু দান কৰিব পাৰে।

Related News