NORTHEAST NOW (Assamese)

নাটোত প্ৰৱেশৰ বাট মসৃন কৰিও নিৰ্বাচনত হাৰি থাকিল ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মাৰিন

April 3, 2023 12:27 pm · এন ই নাও নিউজ, গুৱাহাটী
ছান্না মাৰিন। ফাইল ফটো: সংগ্ৰিহীত।

বিশ্বৰ আটাইতকৈ শক্তিশালী সামৰিক বাহিনী হৈছে নাটো। ইয়াৰ নেতৃত্বত আছে আমেৰিকা। অতি সোনকালে ফিনলেণ্ডে এই সামৰিক মিত্ৰতাত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। শেহতীয়া সদস্য হিচাপে তুৰস্কই ফিনলেণ্ডক নাটোৰ সদস্য হিচাপে গ্ৰহণ কৰিবলৈ সন্মত হৈছে।

ফিনলেণ্ডৰ নাটোত যোগদানৰ মাষ্টাৰমাইণ্ড হৈছে দেশখনৰ প্ৰধানমন্ত্ৰী ছান্না মাৰিন। কিন্তু চূড়ান্ত পৰ্যায়ত উপস্থিত হোৱাৰ পিছতো দেশত তেওঁ নিজৰ আসনখন ধৰি ৰাখিব নোৱাৰিলে।

লগতে পঢ়ক: মোডীৰ ডিগ্ৰীত ভুল ‘বিশ্ববিদ্যালয়’ বানান; প্ৰমাণ পত্ৰ ভুৱা হ’লে কি হ’ব পাৰে জনালে আপৰ সাংসদে

দীৰ্ঘদিন ধৰি ফিনলেণ্ডৰ শাসকীয় দল হৈ আহিছে ছ’চিয়েল ডেম’ক্ৰেট। মাত্ৰ ৩৪ বছৰতে প্ৰধানমন্ত্ৰী হৈ চমক সৃষ্টি কৰিছিল ছান্না মাৰিনে। কিন্তু দ্বিতীয়বাৰ শাসনলৈ উভতি অহা নহ’ল তেওঁৰ।

শাসকীয় দলৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ অৱশ্যে পৰাজয় মানি লৈছে। তেওঁ কয়, গণতন্ত্ৰৰ জয় হৈছে। তেওঁ পৰাজয় মানি লৈছে।

লগতে পঢ়ক: অবিশ্বাস্য! কেৰালাত চলন্ত ৰে’লত শিশুসহ ৩ জন যাত্ৰীক জীৱন্তে জ্বলাই হত্যা; অগ্নিদগ্ধ আন বহু যাত্ৰী

ফিনলেণ্ডে ৩০ জনীয়া নাটোত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে। উল্লেখ্য যে  ফিনলেণ্ডৰ সৈতে ৰাছিয়াৰ প্ৰায় ১৩০০ কিলোমিটাৰ সীমন্ত আছে।

Related News