• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ ডিগ্ৰীত ভুল ‘বিশ্ববিদ্যালয়’ বানান; প্ৰমাণ পত্ৰ ভুৱা হ’লে কি হ’ব পাৰে জনালে আপৰ সাংসদে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 3, 2023 11:23 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী বিষয়ক লৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতো পিছ হুহুকিবলৈ অস্বীকাৰ আম আদমী পাৰ্টি। দলটোৰ হৈ আপৰ ৰাজ্যসভাৰ সাংসদ তথা দলৰ মুখপাত্ৰ সঞ্জয় সিঙে দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰি পুনৰ তেওঁলোকৰ স্থিতি স্পষ্ট কৰি দিয়ে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সঠিক শৈক্ষিক অৰ্হতা বা সঠিক ডিগ্ৰী দেশবাসীৰ আগত দাঙি ধৰিব লাগে। কিন্তু যদি প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী ভুৱা হয় তেন্তে তেওঁ লোকসভাৰ সদস্যপদ হেৰুৱাব। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰাও অযোগ্য ঘোষণা হ’ব। অৰ্থাৎ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।নিৰ্বাচন আয়োগক ভুল তথ্য দাখিল কৰাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে।

লগতে পঢ়ক: অবিশ্বাস্য! কেৰালাত চলন্ত ৰে’লত শিশুসহ ৩ জন যাত্ৰীক জীৱন্তে জ্বলাই হত্যা; অগ্নিদগ্ধ আন বহু যাত্ৰী

Apply Now

আপ নেতা সঞ্জয় সিঙে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ বিষয়টো চৰ্চালৈ অহাৰ পাছৰে পৰা বিজেপিৰ মন্ত্ৰী-নেতাসকল ৰণক্ষেত্ৰত নামিছে। প্ৰধানমন্ত্ৰীৰ হৈ তেওঁলোকে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে। তাতকৈ প্ৰধানমন্ত্ৰীয়ে নিজেই ডিগ্ৰী প্ৰকাশ কৰিলে ভাল হ’লহেঁতেন।

সংবাদমেলত সঞ্জয় সিঙে কয়, যদিহে তদন্তত প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী ভুৱা বুলি প্ৰমাণিত হয়, তেন্তে নিৰ্বাচন আয়োগক ভুল তথ্য দিয়াৰ বাবে লোকসভাৰ সদস্যপদ নাকচ হ’ব। প্ৰধানমন্ত্ৰীয়ে বৃহৎ প্ৰৱঞ্চনা সংঘটিত কৰাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি ডিগ্ৰী বা সম্পত্তিৰ বিষয়ে ভুল তথ্য দাখিল কৰাৰ বাবে জনপ্ৰতিনিধিৰ সদস্যপদ নাকচ কৰিব পাৰি।

উল্লেখ্য যে দিল্লীৰ আবকাৰী নীতিক লৈ বিপদত পৰা কেজৰিৱালে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰি ডিগ্ৰী বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে।

ইয়াৰ উত্তৰত সঞ্জয় সিঙে সাংবাদিকক মোডীয়ে দেখুওৱা ডিগ্ৰীৰ জেৰক্স বা প্ৰিন্টআউট দেখুৱায়। তেওঁ কয় যে গুজৰাট বিশ্ববিদ্যালয়ে দাবী কৰা মোডীৰ ডিগ্ৰীত ‘ইউনিভাৰ্চিটি’ বানান ভুল আছে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিপদত কংগ্ৰেছী বিধায়ক; জাৰি কাৰণ দৰ্শোৱাৰ জাননী

তেওঁ কয় যে এবাৰ পোহৰলৈ অহা প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদমেলত দেখুৱাইছিল। সেই ডিগ্ৰীৰ পৰাই এই প্ৰশ্নটো উঠিছে।

তেওঁ লগতে কয় যে ডিগ্ৰীটোত মোদীয়ে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা এম এ কৰা বুলি দাবী কৰা হৈছে। কিন্তু মাষ্টাৰছ অৱ ফাইন আৰ্টছ ছপা কৰিবলৈ ব্যৱহাৰ কৰা ফণ্টটো ১৯৯২ চনত প্ৰৱৰ্তন কৰা হয়। অৱশ্যে ১৯৮৩ চনত মোদীয়ে ডিগ্ৰী লাভ কৰে। প্ৰশ্ন হ’ল ফন্ট প্ৰৱৰ্তনৰ পূৰ্বে মোদীয়ে কেনেকৈ ডিগ্ৰী লাভ কৰিছিল?

সঞ্জয় সিঙে কয়, মোডীৰ পুৰণি ভিডিঅ’বোৰ বজাই দিলে স্পষ্টকৈ দেখা যাব যে তেওঁ গাঁৱত পঢ়া-শুনা আগবঢ়াই নিব নোৱাৰিলে। কিন্তু নিৰ্বাচনী শপতনামাত তেওঁ কয় যে তেওঁ ১৯৭৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত  ১৯৮৩ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰিছে। এতিয়া প্ৰশ্ন হ’ল মোদীয়ে পঢ়া-শুনা কৰিব নোৱাৰিলে বুলি আগতে কিয় কৈছিল?

আপৰ  সাংসদ সঞ্জয় সিঙে কয় যে মোডীৰ ডিগ্ৰী বিষয়ত গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো দুৰ্ভাগ্যজনক।

লগতে পঢ়ক:  কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত হওক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক: ৰাইজৰ দল

সিঙে তেওঁ সাংবাদিকসকলৰ সন্মুখত এটা প্ৰশ্ন নিক্ষেপ কৰে যে একবিংশ শতিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী শিক্ষিত হোৱা উচিত হয় নে নহয়? তেওঁ লগতে কয় যে ভাৰতত এজন শিক্ষিত প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন। অৱশ্যে আম আদমী পাৰ্টিয়ে পূৰ্বেই প্ৰশ্ন উত্থাপন কৰিছিল যে যদি মোডীৰ ডিগ্ৰী বৈধ তেন্তে গুজৰাট বিশ্ববিদ্যালয়ে সেইটো দেখুৱাই দিয়াত সমস্যা ক’ত।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd