NORTHEAST NOW (Assamese)

ধেমাজিত জটিল বান পৰিস্থিতি, এগৰাকী কিশোৰীৰ মৃত্যু

June 28, 2020 10:01 pm · প্ৰফুল্ল কামান
বানত বুৰ যোৱা খেতি।

ধেমাজিত বান পৰিস্থিতি এতিয়াও জটিল হৈয়ে আছে। তিনিটা ৰাজহ চক্ৰত বানে ব্যাপক ক্ষতি কৰিছে।

জীয়াধলৰ বানে ধেমাজি চক্ৰৰ বহু গাওঁ বুৰাই পেলোৱাৰ ফলত ৰাইজৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে।

জোনাই মহকুমাৰ দক্ষিণ অংশটো একে পৰিস্থিতি বিৰাজ কৰিছে। জোনাই আৰু চিয়াং নৈয়ে সমগ্ৰ অংশটো বুৰাই পেলাইছে।

চলিত বানে জিলাখনৰ ২১৫খন গাঁৱৰ ৯০ হাজাৰতকৈয়ো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে।

ইফালে বানপানীত পৰি যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকা ৰশ্মি দেউৰী (১২) নামৰ কিশোৰীগৰাকীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হৈছে।

বিজয়পুৰৰ কিশোৰীগৰাকী পৰিয়ালৰ সৈতে নাৱেৰে গৈ থকা অৱস্থাত নাও বাগৰি সন্ধানহীন হৈছিল।

স্থানীয় বিধায়ক ৰণোজ পেগু (ধেমাজি), ভুৱন পেগু (জোনাই)ৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বানাক্ৰান্ত অঞ্চললৈ গৈ পৰিস্থিতিৰ বুজ লৈছে।

Related News